গুৱাহাটী, ১৬ ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ কুচকাৱাজ আৰম্ভ হৈছে । ইতিমধ্যে যোৱা ১১ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰা আৰম্ভ কৰিছে । শনিবাৰলৈ কংগ্ৰেছৰ ৫৩ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৰাজীৱ ভৱনৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিছে । ইয়াৰে ১৮ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ১ লাখ টকাৰ ড্ৰাফটসহ আবেদন পত্ৰ দাখিল কৰিছে ।
শনিবাৰে বৰপেটা লোকসভা সমষ্টিৰ বাবে দ্বীপ বায়নে আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে আব্দুৰ ৰছিদ মণ্ডলে ১ লাখৰ ড্ৰাফটসহ আবেদন পত্ৰ দাখিল কৰে । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ যোৱা ১১ ডিচেম্বৰৰ পৰা ৰাজীৱ ভৱনত জমা দিয়াৰ দিন ধাৰ্য কৰিছিল । উল্লেখ্য যে, প্ৰ-পত্ৰৰ লগতে টিকট প্ৰত্যাশীয়ে এক লাখ টকাৰ এখন ডিমাণ্ড ড্ৰাফট জমা দিয়াৰ অসম প্ৰদেশ কংগ্ৰেছৰ পৰা জননী জাৰি কৰিছিল ।
কংগ্ৰেছ দলে জাৰি কৰা জাননীখনত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে, এই ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত কোনো সমষ্টিত দলে প্ৰার্থী নিদিবও পাৰে । মিত্ৰদলৰ বাবে এৰি দিয়া হ’ব এনে সমষ্টি । এনে সমষ্টিৰ দলীয় টিকট বিচাৰি আবেদন কৰা প্ৰাৰ্থীয়ে আবেদন মাচুল এক লাখ টকা ওভতাই পাব । ১৯ ডিচেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ দাখিল কৰিব লাগিব । মন কৰিবলীয়া যে, ১৮ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে জিতেন্দ্ৰ সিঙে অসমত বাহৰ পাতিব । সেই সময়ত বিভিন্ন পর্যায়ত নিৰ্বাচনকেন্দ্ৰিক বিভিন্ন বৈঠক অনুষ্ঠিত হ’ব ।
তদুপৰি ২০ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত দলৰ জিলা আৰু ব্লক পৰ্যায়ৰ কাম-কাজ পর্যালোচনা কৰা হ’ব । ১৮ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং অসমত থকা অৱস্থাত সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত হ’ব | অন্তর্ভুক্ত দলসমূহৰ উপৰি কংগ্ৰেছৰ বিভিন্ন নেতৃত্বৰে ভাগে ভাগে বৈঠক অনুষ্ঠিত কৰিব । ২০ ডিচেম্বৰৰ ভিতৰত উজনি, নামনি আৰু বৰাক উপত্যকাত প্ৰদেশ কংগ্ৰেছে তিনিখন মাণ্ডলিক পর্যালোচনা সভা অনুষ্ঠিত কৰিব আৰু তাতেই বি এল এ সমূহৰ তালিকা জমা দিব লাগিব ।
লগতে পঢ়ক : দিল্লীলৈ যোৱাৰ মন: তিনিজনে দিলে আবেদন, 26 জনে নিলে প্ৰ-পত্ৰ