ETV Bharat / state

দিল্লীলৈ যোৱাৰ মন: তিনিজনে দিলে আবেদন, 26 জনে নিলে প্ৰ-পত্ৰ - প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ দাখিল

কংগ্ৰেছৰ ২৬ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ সংগ্ৰহ । ৩ গৰাকীৰ আবেদন পত্ৰ দাখিল ৷

lok-sabha-election
প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ দাখিল আৰু সংগ্ৰহ
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:53 PM IST

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ দাখিল আৰু সংগ্ৰহ

গুৱাহাটী, ১৩ ডিচেম্বৰ : তেনেই কাষত লোকসভা নিৰ্বাচন ৷ প্ৰতিটো দলৰে ব্যস্ততাৰ অন্ত নাই নিৰ্বাচনৰ পূৰ্বে ৷ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থিত্বকলৈ কুচ-কাৱাজ আৰম্ভ হৈছে । ইতিমধ্যে ডিচেম্বৰ মাহৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে । বুধবাৰলৈ কংগ্ৰেছৰ ২৬ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৰাজীৱ ভৱনৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিছে ।

ইয়াৰে ৩ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ১ লাখৰ ড্ৰাফটসহ আবেদন পত্ৰ দাখিল কৰিছে । এইকেইজন হ’ল ৰাজু চাহু (ডিব্ৰুগড়), চলমান উদ্দিন চৌধুৰী (কৰিমগঞ্জ)আৰু আবু তাহেৰ আলি বেপাৰী (ধুবুৰী) । উল্লেখ্য যে, এতিয়ালৈকে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মীৰা বৰঠাকুৰ, ৰমেন চন্দ্ৰ বৰঠাকুৰ, প্ৰণয় ৰাভা, দ্বিজেন শৰ্মা, ৰমেশ চন্দ্ৰ জৈনে আবেদন পত্ৰ সংগ্ৰহ কৰিছে ৷

আকৌ ধুবুৰীৰ লোকসভা সমষ্টিৰ বাবে চফীয়া খাতুন, ৱাজেদ আলি চৌধুৰী, আবু তাহেৰ, ডঃ মতিউৰ ৰহমান মণ্ডল আবেদন পত্ৰ সংগ্ৰহ কৰিছে । আনহাতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বাবে মাধৱ ৰাজবংশী, ৰমেন চন্দ্ৰ বৰঠাকুৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ বাবে অৰুণ তিৱাৰী, ৰাতুল কলিতা, দ্বীপ বায়ন, প্ৰাণজিত দাস, মঞ্জুশ্ৰী পাঠক আবেদন পত্ৰ সংগ্ৰহ কৰিছে । আকৌ শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰাণেশ্বৰ বসুমতাৰী, বেণুধৰ নাথ, হেমন্ত কুমাৰ অধিকাৰী, বৰ্ণালী ফুকন, ৰাম প্ৰসাদ শৰ্মা, যোৰহাট লোকসভা সমষ্টিৰ বাবে বনশ্ৰী গগৈ, শিলচৰ লোকসভা সমষ্টিৰ বাবে সোমায়া কান্তি পুৰকায়স্থ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে ডঃ চলমানুদ্দিন চৌধুৰী আৰু লখিমপুৰ প্ৰহ্লাদ শাৰহ আৰু ৰণজিতা পেগুয়ে আবেদন পত্ৰ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক : সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি; লোকসভাৰ মজিয়াত তাণ্ডৱ অচিনাক্ত ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.