ETV Bharat / state

BJP Leaders to Join Congress: শুকুৰবাৰে লখিমপুৰত ৫ বিজেপি নেতাই যোগ দিব কংগ্ৰেছত - লোকসভা নিৰ্বাচন

১১ অক্টোবৰৰ পৰা কংগ্ৰেছৰ বৃহৎ যোগদান অভিযান ৷ শুকুৰবাৰে লখিমপুৰত ৫ বিজেপি নেতাই যোগ দিব কংগ্ৰেছত ৷ লখিমপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কুশ শর্মা, প্রাক্তন উপ-সভাপতি নাৰায়ণ বৰুৱাইও কংগ্ৰেছ দলত যোগদান কৰিব বুলি জানিব পৰা হৈছে ৷

BJP Leaders to Join Congress
শুকুৰবাৰে লখিমপুৰত ৫ বিজেপি নেতাই যোগ দিব কংগ্ৰেছত
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:46 PM IST

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত বিজেপি আৰু বিজেপিৰ মিত্ৰ দলৰ নেতাই দল সলনি কৰি কংগ্ৰেছত যোগ দিব বুলি চৰ্চিত প্ৰসংগত তৰ্ক যুদ্ধ তুংগত আছে কংগ্ৰেছ-বিজেপিৰ । তাৰ মাজতে শুকুৰবাৰে লখিমপুৰত ৫ বিজেপি নেতাই যোগ দিব কংগ্ৰেছত ৷ এই কথা সদৰী কৰিছে অসম কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই ৷

কংগ্ৰেছৰ দাবী যে শাসনাধিষ্ঠিত বিজেপি আৰু চৰকাৰৰ জনবিৰোধী কাৰ্যৰ প্ৰতিবাদ জনাই দলটোৰ লগতে সহযোগী আন দলৰো বহু জ্যেষ্ঠ নেতাই এতিয়া কংগ্ৰেছ দলত যোগদান কৰিবলৈ আগ্রহী হৈ পৰিছে । অহা ১১ অক্টোবৰৰ পৰা কংগ্ৰেছৰ বৃহৎ যোগদান অভিযান ৷ ইয়াৰে অংশ হিচাপে কাইলৈ অৰ্থাৎ ২৯ ছেপ্টেম্বৰত লখিমপুৰ জিলাৰ বিজেপিৰ কেবাজনো শীর্ষ নেতাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা ।

BJP Leaders to Join Congress
১১ অক্টোবৰৰ পৰা কংগ্ৰেছৰ বৃহৎ যোগদান অভিযান

বিজেপিৰ লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি, উপ-সভাপতি প্ৰমুখ্যে কিষাণ মৰ্চাৰ প্ৰাক্তন জিলা সভাপতি আৰু একাংশ নেতাই প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত তেখেতৰ ভোগপুৰস্থিত বাসভৱনত কংগ্ৰেছত যোগ দিব । কাইলৈ লখিমপুৰত যোগ দিবলগীয়া নেতাকেইগৰাকী হৈছে লখিমপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কুশ শর্মা, প্রাক্তন উপ-সভাপতি নাৰায়ণ বৰুৱা, প্ৰাক্তন জিলা সাধাৰণ সম্পাদক জ্যোতি বৰগোঁহাই, বিজেপি কিষাণ মৰ্চাৰ প্ৰাক্তন জিলা সভাপতি কুশল হাজৰিকা, জিলা বিজেপিৰ মিডিয়া বিভাগৰ প্ৰাক্তন সমন্বয়ক নিত্য মিলি । এই যোগদান কার্যসূচীত জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে অন্যান্য নেতাসকলে উপস্থিত থাকিব ।

কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে যে বিজেপি দল আৰু চৰকাৰৰ লগতে তেওঁলোকৰ অংশীদাৰ দলসমূহে চৰকাৰ পৰিচালনা কৰাৰ নামত যোৱা ৭ বছৰে ৰাইজক যি আভুৱা ভাৰি আহিছে তাৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠিবলৈ আৰম্ভ কৰিছে । লগতে দলটোৰ দাবী কংগ্ৰেছ দলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰা ভাৰত জোড়ো যাত্ৰা আৰু অসমতো প্রদেশ কংগ্ৰেছে জনতাৰ কাষলৈ যোৱা কাৰ্যসূচী হাতত লোৱাৰ পিছতে বিভিন্ন দলৰ নেতাই কংগ্ৰেছলৈ আহিবলৈ আগ্রহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে অহা ১১ অক্টোবৰৰ পৰা অসমত শাসকীয় বিজেপি আৰু বিজেপিৰ সহযোগী বিভিন্ন দলৰ একাধিক জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত যোগ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি ইতিমধ্যেই কংগ্ৰেছে ঘোষণা কৰিছে ।

লগতে পঢ়ক: Forest Officers Arrested For Taking Bribes: ধুবুৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ বন বিষয়াসহ দুই বন পালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.