ETV Bharat / state

বানৰ কবলত ৰাজ্যৰ সাতখন জিলাৰ লক্ষাধিক লোক

author img

By

Published : Aug 27, 2021, 4:16 PM IST

বান(Flood)ৰ কবলত ৰাজ্যৰ সাতখন জিলা । বানত ক্ষতিগ্ৰস্ত হৈছে সাতখন জিলাৰ মুঠ ১৩টা ৰাজহ চক্ৰৰ ১৭৪ খন গাঁও । আনহাতে, বানত ক্ষতিগ্ৰস্ত হৈছে ৫,১৪৮ হেক্টৰ কৃষিভূমি ।

Seven districts of Assam affected by flood
বানৰ কবলত ৰাজ্যৰ সাতখন জিলা

গুৱাহাটী, ২৭ আগষ্ট: ওফন্দি উঠিছে কেইবাখনো নদীৰ জলপৃষ্ঠ । বানে(Flood) প্লাৱিত কৰিছে ন ন অঞ্চল । বাৰিষাৰ বান(Flood)ত এতিয়ালৈকে ৰাজ্যৰ সাতখন জিলাৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে । ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পাছত এতিয়া ৰাজ্যবাসীয়ে ভয়াৱহ বানপানীৰে মোকাবিলা কৰিবলগীয়া হৈছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়ালৈকে ৰাজ্যৰ বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্ৰুগড়, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলা বানৰ কবলত পৰিছে । সাতখন জিলাৰ মুঠ ১৩ টা ৰাজহ চক্ৰৰ ১৭৪ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । ইফালে, লক্ষাধিক লোক বানৰ কবলত পৰাৰ লগতে ৫,১৪৮ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । ভয়াৱহ বানৰ কবলত পৰা বঙাইগাঁৱত ১২টা, চিৰাঙত ২০টা, ধেমাজি আৰু ডিব্ৰুগড়ত এটাকৈ মুঠ ৩৪টা আশ্ৰয় শিবিৰ আৰু সাহায্য সামগ্ৰী বিতৰণ শিবিৰ স্থাপন কৰা হৈছে ।

ইয়াৰে ২৩টা আশ্ৰয় শিবিৰ আৰু ১১টা সাহায্য সামগ্ৰী বিতৰণ শিবিৰ । আশ্ৰয় শিবিৰত এতিয়ালৈকে প্ৰায় সাত হাজাৰ লোকে আশ্ৰয় লৈছে ।

ইফালে, বানত ক্ষতিগ্ৰস্ত হৈছে সৰু-বৰ ৬২,৪২৯টা পশুধন । বানত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে মূৰ্গীৰ ফাৰ্মসমূহ । বানত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰাৰ বাবে স্থানীয় প্ৰশাসনৰ লোকৰ উপৰিও এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ লোকসকল নিয়োজিত হৈ আছে ।

এতিয়ালৈকে বহু লোকক উদ্ধাৰ কৰা হৈছে । ইফালে, ভদীয়া বানত বঙাইগাঁও, চিৰাং, ধেমাজি আৰু যোৰহাটত ১০টা পথৰ ক্ষতিসাধন হৈছে । আনহাতে, ঠায়ে ঠায়ে ব্যক্তিগত সা-সম্পত্তিৰ উপৰিও ৰাজহুৱা সম্পত্তিও বানত ক্ষতিগ্ৰস্ত হৈছে ।

সেইদৰে বহু কেইখন জিলাত বানৰ সমান্তৰালভাৱে খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ, চিৰাং, ধুবুৰী, গোৱালপাৰা, কৰিমগঞ্জ, কোকৰাঝাৰ, মৰিগাঁও, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত খহনীয়াই কালৰূপ ধাৰণ কৰিছে । নৈৰ বুকুত জাহ গৈছে বিশাল ভূ-খণ্ড । ৰ‍াজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা প্ৰবল বৰষুণৰ বাবে বানৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.