ETV Bharat / state

মেট্ৰ’ হাস্পতালত আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ - Metro Hospital

Fake doctor case: মেট্ৰ’ হাস্পতালত চিকিৎসা কৰাবলৈ আহোঁতে সাৱধান হওক ৷ আপুনিও পৰিব পাৰে ভুৱা চিকিৎসকৰ কৱলত ৷ পঢ়ক সবিশেষ....

Fake doctor case
মেট্ৰ’ হাস্পতালত আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:03 PM IST

মেট্ৰ’ হাস্পতালত আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ

গুৱাহাটী, 12 জানুৱাৰী : মহানগৰীৰ মেট্ৰ’ হাস্পতালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ । মেট্ৰ’ হাস্পতালত আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ বীৰ লাচিত সেনাৰ । হাস্পতালখনৰ চিকিৎসক ডাঃ ৰেকিবুৰ ৰহমানৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে । ডাঃ ৰেকিবুৰ ৰহমান পেচাত এজন আয়ুৰ্বেদিক চিকিৎসক ৷

কিন্তু চিকিৎসকগৰাকীয়ে প্ৰায় ডেৰ বছৰ ধৰি চিকিৎসালয়খনত স্নায়ুৰোগ বিশেষজ্ঞ চাহনুৰ ৰহমানৰ লগত Clinical Associate হিচাপে কৰ্মৰত আছিল । লগতে তেওঁ এগৰাকী ৰোগীক ঔষধ আৰু কিছু পৰীক্ষা লিখি দিছিল ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতেই কেনেকৈ এগৰাকী আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক ঔষধ লিখি দিব পাৰে তাক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা ।

ইয়াকে লৈ শুকুৰবাৰে নিশা মেট্ৰ হাস্পতালত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । বীৰ লাচিত সেনাৰ সদস্যসকলে অতি সোনকালে প্ৰশাসনক বিহিত ব্যবস্থা ল’বলৈ আহ্বান জনায় ৷ অন্যথা সংগঠনটোৱে আইনী প্ৰক্ৰিয়াৰ সহায় ল’ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে মেট্ৰ’ হাস্পতালৰ কৰ্মচাৰী ডাঃ ৰেকিবুৰ ৰহমানৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ ৷

ৰোগীজনে জনোৱা অনুসৰি, বহু সময় ধৰি ৰোগীজনে ৰেকিবুৰ ৰহমানৰ বাবে অপেক্ষা কৰি আছিল । নিজকে দুখীয়া আৰু চালক হিচাপে পৰিচয় দিছিল ৰোগীজনে । ৰোগী জনক বাৰম্বাৰ নাম পঞ্জীয়ন কৰি চিকিৎসকক দেখাবলৈ অনুৰোধ জনাইছিল ৰেকিবুৰে । কিন্তু ৰোগীজনে সেই কথাত মান্তি নোহোৱাত পৰৱৰ্তী সময়ত উপায়ন্তৰ হৈ চিকিৎসকৰ পৰামৰ্শমতে লিখি দিছিল ঔষধ আৰু পৰীক্ষা ।

ইয়াৰ পিচতে বীৰ লাচিত সেনাই এই অভিযোগ উত্থাপন কৰে । ইফালে চিকিৎসালয় কৰ্তৃপক্ষৰ মতে এইয়া এক ষড়যন্ত্ৰ । ওলোটাকৈ দীৰ্ঘসময় ধৰি চিকিৎসক আৰু হাস্পতাল কৰ্তৃপক্ষক সংগঠনটোৱে মানসিকভাৱে হাৰাশাস্তি কৰিছে বুলি দাবী উত্থাপন কৰিছে হাস্পতাল কৰ্তৃপক্ষই ৷ অৱশেষত ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হয় ৷

লগতে পঢ়ক: বহিৰাগত কোনোবা এজন লালুকী-ভালুকীক আনি তৈলমৰ্দন কৰিলে নহ’ব: বীৰ লাচিত সেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.