ETV Bharat / state

হত্যাকাণ্ড সংঘটিত হোৱা সময়ত মই শুই আছিলোঁ: ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰণ - Murder in Japarigog

জাপৰিগোগ হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিদিনে উন্মোচিত হৈথে বহু ন ন তথ্য(Sensational murder in Japarigog) । এইবাৰ মুখ খুলিছে হত্যাকাৰী ধৰণী ডেকাৰ পুত্ৰই । কেমেৰাৰ সন্মুখত হত্যাকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্তৰ পুত্ৰৰ(Sensational confession of son of Japarigog murder accused) ।

হত্যাকাণ্ড সংঘটিত হোৱা সময়ত মই শুই আছিলোঁ: ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰণ

author img

By

Published : May 23, 2022, 8:52 PM IST

গুৱাহাটী,২৩ মে': জাপৰিগোগ হত্যাকাণ্ডৰ সন্দৰ্ভত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰণ(Sensational confession of son of Japarigog murder accused) । কেমেৰাৰ সন্মুখত হত্যাকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ স্বীকাৰোক্তি । সংবাদ মাধ্যমৰ আগত তেওঁ কয় "হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত মই শুই আছিলোঁ । দেউতাই জগাই মোক কৈছিলে, বুঢ়াক মই মাৰি দিলোঁ, মাক বলৎকাৰ কৰাৰ কথা কৈছিল দেউতাই । মোক আৰু ভাইটিক ৰিক্সাত উঠাই দেউতাই গণেশগুৰিলৈ পঠিয়াই দিছিল" ।

বিশালৰ সন্মুখত পিতৃয়ে ২ হাজাৰ টকা হাতত তুলি দি মাহীয়েকৰ ঘৰলৈ পটিয়াইছিল পুত্ৰক । মাহীয়েকৰ পৰা ৫০০ টকা লৈ ধৰণী ডেকাৰ পুত্ৰই আদাবাৰীৰ মোমায়েকৰ ঘৰলৈ যায় । তাৰ পাছত মোমায়েকৰ ঘৰৰ পৰা নলবাৰীৰ গাঁৱৰ ঘৰলৈ যায় যুৱকজন । আৰক্ষীয়ে মাতি পঠিওৱাত সোমবাৰে দিছপুৰ থানাত হাজিৰ হয় অভিযুক্তৰ পুত্ৰ ।

তেওঁ লগতে কয়, ককা অৰ্থাৎ হত্যাকাণ্ডৰ বলি হোৱা হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ তেঁওলোকক নিৰ্দেশ দিছিল । কিন্তু কেতিয়াও কাজিয়া-পেঁচাল হোৱা নাছিল বুলিও উল্লেখ কৰে হত্যাৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰই (Murder in Japarigog) ।

আনহাতে আৰক্ষীৰ জিম্মাত থকা পিতৃ ধৰণী ডেকা আৰু মাতৃ ৰিমি ডেকাক সোমবাৰে পুনৰ আদালতত হাজিৰ কৰাই আৰক্ষীয়ে । ধৰণী ডেকাৰ পুত্ৰক দিছপুৰ আৰক্ষীয়ে দেও আৰু সোমবাৰে দুদিন সোধ পোচৰ বাবে মাতিছিল বুলি জানিব পৰা গৈছে । সোমাবাৰে সোধপোচৰ অন্তত এইদৰে সংবাদ মাধ্যমৰ আগত ব্যক্তি কৰে অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰই ।

উল্লেখ্য যে ধৰণী ডেকাৰ ড্ৰাগছ আসক্ত পুত্ৰই হেমধৰ বৰুৱাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল বৰুৱাৰ পৰিয়ালৰ লোকে । তেওঁলোকে অভিযোগ কৰিছিল যে ড্ৰাগছ আসক্ত পুত্ৰক বচাবলৈকে ধৰণী ডেকাই হত্যা কৰা বুলি নিজৰ ওপৰত দোষ জাপি লৈছে ।

লগতে পঢ়ক: পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.