ETV Bharat / state

Sensational incident in Guwahati: মহানগৰীত ৰেগিঙত বাধা দিয়া অভিভাৱকক প্ৰহাৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ

author img

By

Published : Jun 8, 2023, 4:26 PM IST

মহানগৰীৰ গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উদণ্ড ছাত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ৰেগিংৰ কবলত পৰা ছাত্ৰক উদ্ধাৰৰ বাবে যোৱা অভিভাৱক ৷ বুধবাৰে দিনৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ ঘটনা (Sensational incident in Guwahati) ৷

Sensational incident in Guwahati
ৰেগিংৰ কবলত পৰা ছাত্ৰক উদ্ধাৰৰ বাবে যোৱা অভিভাৱকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ
অভিভাৱকক প্ৰহাৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ

গুৱাহাটী, 8 জুন: বুধবাৰে মহানগৰীৰ এখন আগশাৰীৰ বিদ্যালয়ত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ ছাত্ৰৰ প্ৰহাৰত আহত হ’ল আন এজন ছাত্ৰৰ অভিভাৱক ৷ পুত্ৰক ৰেগিঙৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁতেই বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰৰ সন্মুখীন হ’ল এজন অভিভাৱৱক (Gurukul Grammar Senior Secondary School) ৷

ৰেগিঙৰ বাবে গুৱাহাটীৰ এখন আগশাৰীৰ বিদ্যালয়ত বুধবাৰে দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ মহানগৰীৰ গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ আগশাৰীৰ বিদ্যালয়খনৰ একাংশ উদণ্ড ছাত্ৰৰ চৰম উদ্ভণ্ডালিয়ে কালিমা সানিলে বিদ্যালয়খনৰ গৰিমাত (Sensational incident in Guwahati) ৷

ৰেগিংৰ কবলত পৰা ছাত্ৰক উদ্ধাৰৰ বাবে যোৱা অভিভাৱকক প্ৰহাৰ কৰিলে বিদ্যালয়খনৰ কেইজনমান উদণ্ড ছাত্ৰই ৷ উদণ্ড ছাত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ৰেগিঙৰ বলি হোৱা ছাত্ৰগৰাকীৰ পিতৃ ৷ ছাত্ৰজনৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি বুধবাৰে তেওঁৰ পুত্ৰক ৰেগিং কৰা বুলি জানিব পাৰি গুৰুকুল বিদ্যালয়ত উপস্থিত হৈছিল তেওঁ ৷ সেই সময়ত ৰেগিঙৰ নামত ছাত্ৰজনক প্ৰহাৰ কৰা দেখি উদণ্ড ছাত্ৰ কেইজনৰ কবলত পৰা তেওঁৰ পুত্ৰক মোকোলাই আনিবলৈ লওঁতেই কেইবাজনো ছাত্ৰই মিলি প্ৰহাৰ কৰে পিতৃক (Seniors of Guwahati school thrash student's father) ৷

স্বাভাৱিকতে এই ঘটনাক লৈ বিদ্যালয় চৌহদত এক হুলুস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতেই ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰে ভুক্তভোগী ছাত্ৰজনৰ পিতৃয়ে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই আজি দিনৰ ভাগত ভুক্তভোগী ছাত্ৰজনৰ পিতৃৰ সৈতে প্ৰায় ডেৰ ঘণ্টা এক আলোচনাত মিলিত হয় (Thrash student father for objecting to ragging) ৷

আলোচনাৰ অন্তত বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা দোষী প্ৰমাণিত হোৱা ছাত্ৰ কেইজনক 7 দিনৰ বাবে বৰ্খাস্ত কৰা হয় ৷ ইফালে এই ঘটনা সন্দৰ্ভত সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নিৰাপত্তাৰক্ষীয়ে দুঃব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপিত হৈছে (Senior Students Beats Up Student's Father) ৷

লগতে পঢ়ক: Tense in Khowang school: মৰাণৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিলে শিক্ষয়িত্ৰীৰ স্বামীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.