গুৱাহাটী, 20 ফেব্ৰুৱাৰী: মদৰ নহয়, গাখীৰৰ দোকানৰ লাইচেন্স দিয়ক ৷ বিজেপি শাসিত অসম চৰকাৰক পৰামৰ্শ RSS নেতাৰ ৷ সন্মুখত অসম চৰকাৰৰ তিনিজন মন্ত্ৰীক বহুৱাই RSSৰ অসমৰ নেতাৰ সকীয়নি, ‘‘সুৰা বিক্ৰীৰ টকাৰে চৰকাৰ চলাই নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি নিদিব ৷’’ অসমৰ এগৰাকী জ্যেষ্ঠ আৰ এছ এছ নেতাই সুৰাক লৈ অসম চৰকাৰক সকীয়নি দিব লগা হৈছে কিয় (RSS Leader Slams Assam BJP) ?
প্ৰাথমিক দৃষ্টিত ক’বলৈ হ’লে এয়া ৰাজ্য চৰকাৰৰ সুৰা প্ৰীতিক লৈ ক্ষুব্ধ RSS ৷ এফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে যি সময়ত ৰাজ্যৰ গাঁৱে-চহৰে বিলাতী সুৰাৰ বিপণি খোলাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে (Assam govt license for liquor shop) ৷ আনফালে চৰকাৰখনৰ এনে কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰ এছ এছৰ এগৰাকী শীৰ্ষ নেতাই ।
ৰাজ্য চৰকাৰে অৰ্থনৈতিক সংকট জোৰা মাৰিবৰ বাবে সুৰাৰ বন্যা বোৱাবলৈ গৈ ৰাজ্যবাসীৰ সকলো শ্ৰেণীৰ লোকৰে ব্যাপক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে (Assam Liquor License) ৷ সন্মুখত আহি আছে লোকসভা নিৰ্বাচন । আৰএছএছৰ ভিতৰুৱা সূত্ৰমতে এই বিষয়টোৰ বাবে নিৰ্বাচনক লৈ ৰাইজৰ কাষ চাপিবলৈ অসুবিধাৰ সন্মুখীন হৈছে (Lok Sabha election 2024)। আদৰ্শগত অস্বস্তিতো পৰিছে RSS ৷
এই কথা স্পষ্ট কৰিলে তিনিগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিৎ কুমাৰ দাসৰ সন্মুখতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতাগৰাকীয়ে অসম চৰকাৰক কৰা তীব্ৰ সমালোচনাই । বিজেপিৰ পিতৃ সংগঠনস্বৰূপ আৰ এছ এছৰ নেতাগৰাকীৰ এনে মন্তব্যৰ পাচতে বিষয়টো সন্দৰ্ভত হৈছে ব্যাপক চৰ্চা । এইগৰাকী আৰ এছ এছৰ নেতা হ’ল বশিষ্ঠ বুজৰবৰুৱা (RSS leade Basistha Bujarbaruah) ৷ পদবী, RSSৰ অসম ক্ষেত্ৰৰ সহঃ প্ৰচাৰক ৷
এই গৰাকী বশিষ্ঠ বুজৰবৰুৱাই নলবাৰীত মহাশিৱৰাত্ৰি উপলক্ষে 92 ফুট উচ্চতাৰ এটা শিৱৰ মূৰ্তি উদ্বোধন কৰি সুৰাৰ সন্দৰ্ভত কৰে অতি গুৰুত্বপূৰ্ণ মন্তব্য । ৰাজ্য চৰকাৰৰ তিনিগৰাকীৰ মন্ত্ৰীৰ উপৰিও মঞ্চত বিজেপি সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ ৰমেন ডেকা, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, বিজেপিৰ জ্যেষ্ঠ নেতা ফণী শৰ্মা আদি বহি থকাৰ সময়তে বশিষ্ঠ বুজৰবৰুৱাই চৰকাৰক সুৰা সন্দৰ্ভত দিলে কঠোৰ সকীয়নি ৷ ক’লে, ‘‘মদৰ পৰা ইনকাম কৰি চৰকাৰ চলিব নালাগে ৷ গাখীৰৰ দোকানৰ লাইচেন্স দিয়ক চৰকাৰে ৷ আপোনালোকে মদৰ দোকানৰ লাইচেন্স দিয়া বন্ধ কৰক (Excise Licence in Assam) ৷’’
কেৱল ইমানেই নহয়,আৰ এছ এছৰ শীৰ্ষ নেতাগৰাকীৰ ৰাজ্য চৰকাৰৰ প্ৰতি প্ৰত্যক্ষ আহ্বান, ‘‘নৱপ্ৰজন্মক বেয়াৰ ফালে ঢাল নুখোৱাব ৷ আপোনালোকে নৱপ্ৰজন্মক সমাপ্ত নকৰিব ৷ জাতিটোক বচাবলৈ মদ, ভাঙৰ বিৰুদ্ধে ব্যাপক জনজাগৰণ আনিব লাগিব ৷’’ এনেদৰেই ৰাজহুৱা মঞ্চৰ পৰা আৰ এছ এছৰ অসম ক্ষেত্ৰৰ সহঃ প্ৰচাৰক গৰাকীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে ।
উল্লেখ্য যে, ৰাজ্যৰ আবকাৰী বিভাগে 700 খন সুৰাৰ বিপণি আৰু বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে প্ৰস্তুতি চলাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰীত 56 খন সুৰাৰ বিপণি আৰু বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে । 2022-23 বৰ্ষত 3000 কোটি টকাৰ আৱকাৰী কৰ সংগ্ৰহৰ লক্ষ্য আছিল অসম চৰকাৰৰ । যিটো 2020-21 তকৈ 20শতাংশ অধিক (Assam govt excise policy) ৷
এই প্ৰসংগত ৰাজ্য চৰকাৰ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে । কিন্তু তাৰ পাচতো ৰাজ্যত চলি থকা আৰ্থিক সংকটৰ জোৰা মাৰিবলৈকে ৰাজ্য চৰকাৰে সুৰাৰ বিপণিৰে সুৰাৰ ধল বোৱাবলৈ অব্যাহত ৰাখিছে চেষ্টা । লগতে প্ৰশ্ন হয়, কঠোৰ সমালোচনাৰ হাত সাৰিবলৈ এইদৰে আগতীয়া সমালোচনাৰে নিৰ্বাচনৰ সন্মুখত RSS য়ে সুৰাই কৰা বিজেপিৰ ডেমেজ কণ্ট্ৰ’লৰ চেষ্টা কৰি নেকি ? অৱশ্যে ৰাজ্যত সুৰাৰ বিপণিৰ অনুমোদন দিয়া প্ৰসংগত ঠাই বিশেষে জবাবদিহি হ’ব লগা হৈছে আৰ এছ এছো ৷
আৰ এছ এছৰ এগৰাকী শীৰ্ষ নেতা বশিষ্ঠ বুজৰবৰুৱাৰ সকীয়নি আৰু কঠোৰ সমালোচনাক জনসাধাৰণ আৰু চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় । কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, সুৰাই এফালৰ পৰা শেষ কৰি আনিছে অসমৰ যুৱ সমাজৰ এক বৃহৎ অংশ ৷
লগতে পঢ়ক: Accident in Meghalaya: নিৰ্বাচনী সভালৈ যাওতেই পথ দুৰ্ঘটনাত নিহত 5 গৰাকী মহিলা