ETV Bharat / state

গীতানগৰ থানাত হাজিৰ জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত

গুৱাহাটীৰ গীতানগৰ থানাত হাজিৰ জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত ৷ সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহৰ অপৰাধৰ অভিযোগ তুলি তিনিচুকীয়া থানাত গোচৰ ৰুজু কৰা হৈছিল ৷ বৃহস্পতিবাৰে পুৱা ১১ বজাত গীতানগৰ থানাত হাজিৰ হোৱাৰ জাননী জাৰী কৰিছিল মহন্তক ৷

Senior Journalist Manjit Mahanta at present Gitanagar Police Station
গীতানগৰ থানাত হাজিৰ জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত
author img

By

Published : Feb 20, 2020, 9:14 PM IST

গুৱাহাটী,20 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে পুৱা গীতানগৰ থানাত হাজিৰ হয় জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত । তিনিচুকীয়া থানাত ৰাষ্ট্ৰদোহৰ অপৰাধত এক গোচৰ ৰুজু কৰা হৈছিল জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিৰুদ্ধে । ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ অভিযোগ আনিছিল মহন্তৰ বিৰুদ্ধে । তিনিচুকীয়া সদৰ থানাত ১৫৮/২০২০ নম্বৰত CrPC ৰ 120 (B), 121 (A), 121, 294, 353, 505, আৰু 34 ৰ অধীনত গোচৰ ৰুজু হৈছিল । বৃহস্পতিবাৰে পুৱা ১১ বজাত গীতানগৰ থানাত হাজিৰ হোৱাৰ বাবে জাননী জাৰী কৰিছিল মহন্তক ।

গীতানগৰ থানাত হাজিৰ জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত
তিনিচুকীয়া জিলাৰ পানীতোলাৰ ভিতৰুৱা গাঁৱত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ বিৰুদ্ধে কৰা এখন গণ সমাৱেশৰ বক্তব্যৰ আলম লৈ চৰকাৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি মন্তব্য দিয়ে মহন্তই । মনজিৎ মহন্তই তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত কয়, ১৮ ফেব্ৰুৱাৰী তাৰিখে ডাকযোগে এই চমন মোৰ হাতত পৰিছে য'ত উল্লেখ আছে, "আমি ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ, চৰকাৰী কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰিছোঁ ৷ চৰকাৰী কৰ্তব্য সম্পাদনত বাধাদান কৰিছোঁ, ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাইজক উচটনি দিছোঁ… ইত্যাদি ৷"

তেখেত কয় যে, গণতান্ত্ৰিক দেশ এখনত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাটো যদি ৰাষ্ট্ৰদ্ৰোহ হয় তেন্তে তেনে কাৰ্য তেখেতে পুনৰ কৰিব ৷ তেখেতে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা সন্দৰ্ভত কয় যে,তেখেত জাতি নাগিৰকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধহে যুদ্ধ ঘোষণা কৰিছে, ৰাষ্ট্ৰৰ বিৰুদ্ধে নহয় ৷ বৰ্তমান চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰিলেও ৰাষ্ট্ৰদ্ৰোহ কৰা হয় ৷ এয়া আচলতে চৰকাৰৰ ক্ষড়যন্ত্ৰ ৷ 'কা' বিৰোধী আন্দোলনক মষিমূৰ কৰিবলৈ চৰকাৰে এই আন্দোলনত সক্ৰিয়ভাৱে জড়িত ব্যক্তিসকলক তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰি দমন কৰিব বিচাৰিছে ৷

আনহাতে এই গোচৰ সম্পৰ্কে অৱগত নহয় গীতানগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া । তিনিচুকীয়া থানালৈ গীতানগৰ আৰক্ষীয়ে ফোন কৰাত তিনিচুকীয়া থানাত হাজিৰ হ'ব লাগিব বুলি কয় । ভুলবশতঃ গীতানগৰ থানালৈ মতা বুলি জাননী জাৰি কৰা বুলি স্বীকাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে । পৰৱৰ্তী সময়ত পুনৰ জাননী জাৰি কৰিব তিনিচুকীয়া সদৰ আৰক্ষীয়ে।

লগতে পঢ়ক:অসম চু্ক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে আগ্ৰহী নহয় অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.