ETV Bharat / state

Suicide in Guwahati: প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰাজু শৰ্মাৰ আত্মহত্যা

author img

By

Published : Dec 20, 2022, 7:39 PM IST

Updated : Dec 20, 2022, 7:55 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ৰাজু শৰ্মাৰ আত্মহনন ৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ APCC-ৰ উপ সভাপতি ৰাজু শৰ্মাৰ মৃতদেহ । নৱগ্ৰহ মন্দিৰৰ দেৱালত চিপ লোৱা অৱস্থাত উদ্ধাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ৰাজু শৰ্মাৰ মৃতদেহ (APCC VP Raju Sharma suicide at Navagraha) ৷

Suicide at Guwahati
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ৰাজু শৰ্মা

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ববিতা শৰ্মা

গুৱাহাটী, ২০ডিচেম্বৰ: মঙলবাৰৰ দিনটো অসম প্ৰদেশ কংগ্ৰেছৰ বাবে অতিকে দুখজনক এটা দিন (Assam Pradesh Congress Committee) ৷ পুৱাই খবৰ আহিল দলৰ উপ-সভাপতি ৰাজু শৰ্মাই নৱগ্ৰহ মন্দিৰ প্ৰাংগনত কৰিলে আত্মহনন (APCC VP Raju Sharma suicide in Guwahati) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালৰ পৰা আৰম্ভ কৰি তৰুণ গগৈৰ কাৰ্যকাললৈকে দলটোৰ বহু উত্থান-পতনৰ সাক্ষী আছিল ৰাজু শৰ্মা (Former CM Hiteshwar Saikia)। আনকি শাসনত নথকা কালচোৱাতো তেওঁ কংগ্ৰেছৰ বহু ঘটনাৰ সাক্ষী আছিল ৷

কংগ্ৰেছ শাসনত থকা কালত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ এটা সৰু কোঠাৰ পৰাই দুৰাৰোগ্য ব্যাধিত ভোগা অজস্ৰজনক চৰকাৰী আৰ্থিক সাহাৰ্যৰ কামত সহায় কৰি হাতত চেকখন তুলি দিয়া মানুহগৰাকীয়ে আছিল ৰাজু শৰ্মা (Rajiv Bhawan in Guwahati) ৷ কংগ্ৰেছ ক্ষমতাত থকা কালতো ক্ষমতাৰ প্ৰতি নিস্পৃহ অবিবাহিত ৰাজু শৰ্মাই অতিবাহিত কৰিছিল এক আধ্যাত্মিক জীৱন ৷

তেওঁ বাস কৰিছিল এটি ভাড়াঘৰত ৷ দীৰ্ঘদিন ধৰি এইগৰাকী নীৰৱ কংগ্ৰেছ নেতা নৱগ্ৰহ মন্দিৰৰ সৈতেও উন্নয়ণমূলক কামত জড়িত হৈ আহিছিল (Navagraha Temple) ৷ সেই সূত্ৰে নৱগ্ৰহ শ্মশান কমিটীৰ সৈতে তেওঁৰ আছিল ঘনিষ্ঠ সম্পৰ্ক (Navagraha Crematorium Committee) ৷ সোমবাৰৰ নিশাটো তেওঁ নৱগ্ৰহতে কটাবলৈ গৈছিল ৷ ষাঠীৰোৰ্দ্ধ ৰাজু শৰ্মাই তাতেই ল'লে চূড়ান্ত সিদ্ধান্ত ৷

মৃত্য়ুৰ পূৰ্বে তেওঁ লিখি থৈ যায় এক আত্মহত্যাৰ টোকা (Suicide Note of APCC VP Raju Sharma) ৷ ৰাজু শৰ্মাৰ মৃত্যুত কংগ্ৰেছ দলৰ লগতে তেওঁৰ সান্নিধ্য লাভ কৰা লোকসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ উপৰি দলৰ মুখপাত্ৰ ববিতা শৰ্মাকে ধৰি আন কেইবাগৰাকী জ্য়েষ্ঠ নেতাই গভীৰ শোক প্ৰকাশ কৰিছে (State Congress president expressing grief) ৷ দলৰ সভাপতি ভূপেন কুমাৰ বৰাই এক শোকবাৰ্তাত কয়,"যোৱা চাৰিটা দশক ধৰি অতি নিষ্ঠা আৰু সততাৰে দলৰ বাবে সেৱা আগবঢ়োৱা প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে জীৱনৰ মায়া এৰি আজি গুচি যোৱাৰ খবৰে আমাক মৰ্মাহত কৰিছে ।"

লগতে পঢ়ক:Rajasthan Congress Crisis : শচীন পাইলট আৰু অশোক গেহলটৰ সৈতে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ বৈঠক

Last Updated : Dec 20, 2022, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.