গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: বিতৰ্কত এইবাৰ এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন (MLA Ashraful Hussain) । চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ । অসম বিধানসভাৰ আটাইতকৈ কনিষ্ঠ বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে অপহৰণৰ অভিযোগ । বৰপেটাৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে (MLA Ashraful Hussain accused of kidnap) ।
বিধায়ক আৱাসলৈ আনি যুৱতীগৰাকীক নিৰ্যাতন চলোৱাৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি দিছপুৰৰ বিধায়ক আৱাসতেই অপহৰণ কৰা যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছে । এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ । অভিযোগ অনুসৰি ৰিতুল হুছেইন নামৰ এজন যুৱকে বৰপেটাৰ পৰা অপহৰণ কৰিছিল যুৱতীগৰাকীক (Allegations of harassment against Ashraful Hussain) ।
ড্ৰাগছ সৰবৰাহৰ সৈতেও ৰিতুল হুছেইন নামৰ যুৱকজন জড়িত থকাৰ অভিযোগ আছে । ৰিতুল হুছেইনে অপহৰণ কৰা যুৱতীগৰাকীক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত ৰখাৰ অভিযোগ কৰা হৈছে (Harassment case against Ashraful Hussain) । ঘটনা সন্দৰ্ভত বিগত বৰ্ষৰ নবেম্বৰ মাহতেই দাখিল কৰা হৈছিল এজাহাৰ । এজাহাৰত উল্লেখ কৰা অনুসৰি যুৱতীগৰাকী ১৯ জুলাইত পৰীক্ষা দিবলৈ ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰিছিল ।
ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে থানাত অৱগত কৰিছিল । আনহাতে কৰ্মসূত্ৰে কমলপুৰত থকা ছাত্ৰীগৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাকো অৱগত কৰিছিল । পৰৱৰ্তী সময়ত যুৱতীগৰাকী উদ্ধাৰ হোৱাৰ পাছত অপহৰণৰ ঘটনাটো পোহৰলৈ আহে (MLA Ashraful Hussain accused of kidnapping) । ইয়াৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হয় ।
অভিযোগ অনুসৰি অপহৰণ কৰা ছাত্ৰীগৰাকীক বিধায়ক আশ্ৰাফুল হুছেইনে ডিমাপুৰলৈ ৰে’লেৰে প্ৰেৰণ কৰিছিল । এজাহাৰত উল্লেখ কৰা অনুসৰি ৰিতুল হুছেইনে তেওঁৰ কেইজনমান সহযোগীৰ সৈতে ছাত্ৰীগৰাকীক অপহৰণ কৰি বিধায়ক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসলৈ লৈ গৈছিল ।
বিধায়ক আৱাসত ছাত্ৰীগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ বিষয়েও এজাহাৰত উল্লেখ কৰা হৈছে । আনকি অনৈতিক কাৰ্য সংঘটিত কৰাৰো অভিযোগ অনা হৈছে । বিধায়ক আৱাসত নিৰ্যাতন চলোৱাৰ পাছত যুৱতীগৰাকীক ৰে’ল যোগে ডিমাপুৰলৈ পঠিওৱা হৈছিল ।
অপহৰণৰ প্ৰায় ডেৰ মাহ পিছত যুৱতীগৰাকী উদ্ধাৰ হোৱাৰ পিছত সমস্ত ঘটনা পোহৰলৈ আহে আৰু ঘটনা সন্দৰ্ভত দিছপুৰ থানাত যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰে । কিন্তু বিগত বৰ্ষৰ নবেম্বৰ মাহতে দাখিল কৰা এজাহাৰখন সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে । বিধায়কজনৰ বিৰুদ্ধে এই অভিযোগ সঁচা নে মিছা সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব ।
লগতে পঢ়ক: TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰীৰ