ETV Bharat / state

চেনেহ বৃদ্ধাশ্ৰমৰ আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান - চেনেহ বৃদ্ধাশ্ৰম

গুৱাহাটীৰ চেনেহ বৃদ্ধাশ্ৰমৰ ২৬ গৰাকী আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান । মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আয়োজিত বিশেষ টীকাকৰণ শিবিৰত আবাসীসকলক প্ৰতিষেধক প্ৰদান কৰা হয় ।

গুৱাহাটীৰ চেনেহ বৃদ্ধাশ্ৰমৰ ২৬ গৰাকী আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান

author img

By

Published : Mar 9, 2021, 1:09 PM IST

গুৱাহাটী, ৮ মাৰ্চ: আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সোমবাৰে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আয়োজন কৰা বিশেষ টীকাকৰণ শিবিৰত চেনেহ বৃদ্ধাশ্ৰমৰ আবাসীৰ টীকাকৰণ সম্পন্ন কৰা হয় । এই কাৰ্যসূচী উদ্বোধন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই ৷

বিশেষ টীকাকৰণ শিবিৰত গুৱাহাটীৰ চেনেহ বৃদ্ধাশ্ৰমৰ ২৬ গৰাকী আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডাঃ এছ লক্ষ্মণন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা আৰু চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীসকল ৷

গুৱাহাটীৰ চেনেহ বৃদ্ধাশ্ৰমৰ ২৬ গৰাকী আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান
গুৱাহাটীৰ চেনেহ বৃদ্ধাশ্ৰমৰ ২৬ গৰাকী আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, সোণাপুৰ জিলা চিকিৎসালয় আৰু ধীৰেণপাৰা আৰু পাণ্ডু এফ আৰ ইউত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ মহিলাৰ বাবে বিশেষ টীকাকৰণ শিবিৰ আয়োজন কৰা হয় ৷

এই শিবিৰত স্বাস্থ্য কৰ্মী, ফ্ৰণ্টলাইন ৱৰ্কাৰ, ৬০ বছৰৰ উৰ্ধ্বৰ আৰু আনুষংগিক আন ৰোগত আক্ৰান্ত ৪৫ বছৰৰ উৰ্ধ্বৰ মহিলাসকলক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ বৰ্তমান চলি থকা টীকাকৰণ অভিযান ব্যাহত নোহোৱাকৈ এই টীকাকৰণ কাৰ্যসূচী পালন কৰা হয় ৷

COVID-১৯ৰ বাবে সৃষ্টি হোৱা সংকটৰ সময়ত ৰাজ্যৰ নাৰীসকলে আগবঢ়োৱা অকুণ্ঠ সহযোগিতাৰ বাবে তেওঁলোকক সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে এই বিশেষ শিবিৰৰ আয়োজন কৰে ৷

লগতে পঢ়ক:আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.