ETV Bharat / state

কৰ্তব্যৰত আৰক্ষীক শাৰিৰীকভাৱে অপদস্থ কৰা কোন এই বিজেপি নেতা ?

author img

By

Published : Aug 21, 2021, 9:40 PM IST

নিজকে বিজেপি নেতা বুলি পৰিচয় দি যান-বাহন আইন অমান্য কৰিলে নুনমাটিৰ দুই যুৱকে ৷ ঘটনাৰ ইমানতে শেষ নহ’ল, স্ব-ঘোষিত দুই নেতাই শাৰিৰীকভাৱে অপদস্থ কৰিলে কৰ্তব্যৰত আৰক্ষী বিষয়াক ৷

self-styled-bjp-leader-physically-abuses-on-duty-police-officer
কৰ্তব্যৰত আৰক্ষীক শাৰিৰীকভাৱে অপদস্থ কৰা কোন এই বিজেপি নেতা ?

গুৱাহাটী, ২১আগষ্ট: কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ জালত পৰিল দুই বিজেপি নেতা । মহানগৰীৰ নুনমাটি থানাৰ সমীপতে শনিবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ । জানিব পৰা মতে, নুনমাটি থানাৰ সম্মুখত আন দিনাৰ দৰেই শনিবাৰেও তালাচী চকী বহুৱাই যান-বাহন শাখাৰ আৰক্ষীৰ দলে যান বাহনৰ ওপৰত তালাচী চলাই আছিল ।

নুনমাটি থানাৰ যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ৰাহুল উল্লাৰ নেতৃত্বত আৰক্ষীৰ এটা দল আছিল কৰ্তব্যত ৷ শুকুৰবাৰে দিনৰ প্ৰায় ১১.৩০ মান বজাত ক'ভিড আইন উলংঘা কৰি যান বাহন চলোৱা লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি আছিল দলটোৱে । তেনে সময়তে নুনমাটি বন্দনা চিনেমা হ’লৰ পৰা নুনমাটি নেপালী চকৰ অভিমুখে দুজনীয়াকৈ গৈ থকা এ এছ-ই কে-৬৮৭৯ নম্বৰৰ এখন স্কুটিক যান বাহন আৰক্ষীয়ে ৰ’বলৈ কয় ।

কিন্তু, স্কুটি আৰোহী দুজনে আৰক্ষীৰ সেই নিৰ্দেশ মানিবলৈ অমান্তি হোৱাত তেওঁলোকক বলপূৰ্বক ভাৱে ৰখাবলৈ বাধ্য হয় আৰক্ষী । ইয়াৰ পিছত কৰ্তব্যৰত বিষয়া ৰাহুল উল্লাহে ক’ভিড পাৰিস্থিতিৰ বাবে স্কুটিত দুজন উঠা মানা আছে বুলি কৈ তেওঁলোকক জৰিমনা বিহে ।

কিন্তু, লোকদুজনে জৰিমনা দিবলৈ অমান্তি হৈ সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে পুনৰ বাধা প্ৰদান কৰে লোক দুজনক । কোনোপধ্যেই জৰিমনা দিবলৈ অস্বীকাৰ কৰা যুৱক দুজনে নিজকে বিজেপিৰ নেতা বুলি পৰিচয় দি যান-বাহন আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় ।

পৰিস্থিতি এনে পৰ্যায় পাই যে, আৰক্ষী বিষয়া ৰাহুল উল্লাহৰ ইউনিফৰ্মত খামুচি ধৰি প্ৰহাৰ কৰিবলৈ উদ্যত হয় দুই যুৱক । এনে পৰিস্থিতিত একাংশ সতীৰ্থ আৰক্ষীয়ে যুৱক দুজনৰ কৱলৰ পৰা মোকোলাই আনিবলৈ সক্ষম হয় বিষয়া গৰাকীক । পিছত নুনমাটি আৰক্ষীয়ে উদণ্ড যুৱকদুজনক গ্ৰেপ্তাৰ কৰি থানালৈ আনে ।

আৰক্ষীয়ে আটক কৰা যুৱক দুজন হৈছে নুনমাটিৰ এছ দাস পথৰ বাসিন্দা মিণ্টু বৰ্মন আৰু শালবাৰীৰ বাসিন্দা শ্ৰীমন্ত বৰ্মন । ইফালে ঘটনা সন্দৰ্ভত নুনমাটি থানাৰ যান বাহন আৰক্ষী বিষয়া ৰাহুল উল্লাহে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৫৫০/২১ নম্বৰত ১৮৮/২৬৯/৩৫৩/৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰজু কৰিছে ।

লগতে পঢ়ক : জলপ্ৰপাত চাবলৈ গৈ ৰহস্যজনক ভাৱে নিখোজ লখিমপুৰৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.