ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষা, 2021 বৰ্ষৰ বাবে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ

author img

By

Published : Sep 1, 2020, 1:03 PM IST

নতুন শিক্ষাবৰ্ষৰ বাবে ছেবাই নতুন পাঠ্যক্ৰম PDF ফৰমেটত যোগান ধৰিব ৷ ছেবাৰ অ'ফিচিয়েল ৱেবছাইটৰ পৰা এই পাঠ্যক্ৰম ডাউনলোড কৰিব পাৰিব শিক্ষাৰ্থীসকলে ৷ কৰ’ণা মহামাৰীৰ বাবে দীৰ্ঘসময়ৰ বাবে শিক্ষানুষ্ঠানসমূহৰ পাঠদান বন্ধ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰত অত্যধিক বোজাৰ সন্মুখীন নহ’বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনৰ শিক্ষা পৰিষদে ৷ ছেবাৰ চেয়াৰমেন আৰ.চি জৈনে প্ৰকাশ কৰে এই কথা ৷

SEBA to Reduce Assam HSLC Exam Syllabus 2021 by 30 %
2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ

নিউজ ডেক্স, 1 ছেপ্তেম্বৰঃ 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ৷ শেহতীয়া তথ্য অনুসৰি ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা কৰ’ণা ৰোগীৰ সংখ্যা আৰু ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ছেবাই ৷ হাইস্কুল চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ উপৰিও নৱম শ্ৰেণীৰ পাঠ্যক্ৰমো 30% হ্ৰাস কৰা হ’ব ৷

উল্লেখ্য যে, নতুন শিক্ষাবৰ্ষৰ বাবে ছেবাই নতুন পাঠ্যক্ৰম PDF ফৰমেটত যোগান ধৰিব ৷ ছেবাৰ অ'ফিচিয়েল ৱেবছাইটৰ পৰা এই পাঠ্যক্ৰম ডাউনলোড কৰিব পাৰিব শিক্ষাৰ্থীসকলে ৷ কৰ’ণা মহামাৰীৰ বাবে দীৰ্ঘসময়ৰ বাবে শিক্ষানুষ্ঠানসমূহৰ পাঠদান বন্ধ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰত অত্যাধিক বোজাৰ সন্মুখীন নহ’বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনৰ শিক্ষা পৰিষদে ৷ ছেবাৰ চেয়াৰমেন আৰ.চি জৈনে প্ৰকাশ কৰে এই কথা ৷

ইয়াৰ পূৰ্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ৰাজ্যত বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমৰ বাবে ৰাজ্য চৰকাৰে 30 ছেপ্তেম্বৰ পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 29 আগষ্ট কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও এক বিজ্ঞপ্তিযোগে অহা 30 ছেপ্তেম্বৰ পৰ্যন্ত নিয়মিত পাঠদান বন্ধ ৰখাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৷

লগতে পঢ়ক-আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (Main) পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.