ETV Bharat / state

HSLC Exam 2024: উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি - শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু উইভিং এণ্ড টেক্সটাইল ডিজাইন আৰু বড়ো ঐচ্ছিক বিষয়ৰ পৰীক্ষাৰ সময়সূচী সলনি ৷ চৰকাৰী বন্ধৰ বাবে পৰীক্ষাৰ সময়সূচী সলনি কৰিলে ছেবাই । ২০ ফেব্ৰুৱাৰীৰ পৰিবর্তে ১৯ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান, ২৬ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২৭ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ একেদৰে ২৭ ফেব্ৰুৱাৰীত উইভিং এণ্ড টেক্সটাইল ডিজাইন আৰু বড়ো ঐচ্ছিক বিষয়ৰ পৰীক্ষা আগবেলাৰ পৰিবৰ্তে সেইদিনাই পিচবেলা অনুষ্ঠিত হ'ব ।

HSLC Exam 2024
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 1:46 PM IST

গুৱাহাটী, ১৫ নৱেম্বৰ: পুনৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ চূড়ান্ত গাফিলতিৰ নিদৰ্শন ৷ বন্ধৰ দিনত পৰীক্ষা অনুষ্ঠিত কৰি দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছিল সততে বিতৰ্কত থকা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ ৷

ভুল ধৰিব পাৰি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি কৰিলে ছেবাই । চৰকাৰী বন্ধৰ বাবে পৰীক্ষাৰ সময়সূচী সলনি কৰিলে ছেবাই । ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধ তালিকাৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীত কিছু সালসলনি কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ।

এই সন্দৰ্ভত ছেবাই জাৰি কৰা এক নির্দেশনা অনুসৰি সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অহা ২০ ফেব্ৰুৱাৰীৰ আগবেলাৰ পৰিবর্তে ১৯ ফেব্ৰুৱাৰীৰ আগবেলা (পুৱা ৯ বজাৰ পৰা ১২ বজালৈ) অনুষ্ঠিত কৰা হ'ব । একেদৰে সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা ২৬ ফেব্ৰুৱাৰীৰ আগবেলাৰ পৰিবৰ্তে ২৭ ফেব্ৰুৱাৰীৰ আগবেলা অনুষ্ঠিত হ'ব । উৱেভিং এণ্ড টেক্সটাইল ডিজাইন আৰু বড়ো ঐচ্ছিক বিষয়ৰ পৰীক্ষা ২৭ ফেব্ৰুৱাৰীৰ আগবেলাৰ পৰিবৰ্তে সেইদিনাই পিচবেলা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ।

HSLC Exam 2024
উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি

৯ অক্টোবৰত ছেবাই ২০২৩-২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছিল । চৰকাৰী বন্ধ নোচোৱাকৈ ছেবাই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰি দায়িত্বহীনতাৰ পৰিচয় দিলে । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা ৫০ শতাংশ নম্বৰৰ অ' এম আৰ শ্বীটৰ জৰিয়তে হ'ব । পৃথক উত্তৰ বহীত হ'ব বাকী ৫০ শতাংশ নম্বৰৰ পৰীক্ষা ।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ হোৱা নতুন শিক্ষানীতিৰ আধাৰত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হয় । নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ অৱজেক্টিভ প্ৰশ্ন লাভ কৰিছিল । মুঠ ১০০ নম্বৰ ভিতৰত ৪৫ নম্বৰ আছিল বৰ্ণনামূলক আৰু ৪৫ নম্বৰ আছিল বস্তুনিষ্ঠ । ইয়াৰোপৰি ১০ নম্বৰ আছিল আভ্যন্তৰীণ মূল্যায়নত । মাতৃভাষাৰ বিষয়ক পৰীক্ষা আৰু ঐচ্ছিক বিষয়ৰ প্ৰশ্ন পূৰ্বৰ দৰেই আছিল ।

লগতে পঢ়ক: HSLC 2024: ঘোষণা হ'ল ২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.