গুৱাহাটী, 28 মে': ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰিব পৰা নাই হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা । যাক লৈ অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হৈছে পৰীক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকল ।
ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ মাজত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ সুৰক্ষা আৰু শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে পুনৰ সদৌ অসম ছাত্র সন্থাৰ এটা সঁজাতি দলে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা কৰ্তৃপক্ষৰে এক আলোচনাত মিলিত হয় । বিগত 22 মে'ত হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে শুকুৰবাৰে পুনৰ আছু নেতৃত্ব আৰু ছেবা কৰ্তৃপক্ষ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
ক'ভিড সৃষ্ট পৰিস্থিতিৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ যাতে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আছুৱে ছেবা কৰ্তৃপক্ষক আহ্বান জনায় । দুয়োপক্ষৰ আলোচনাত আছুৰ নেতৃত্বই অতি সোনকালে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা প্ৰণালীৰ সন্দৰ্ভত ৰাজহুৱা কৰিবলৈ ছেবাৰ প্ৰতি আহ্বান জনায়।
লগতে ক’ভিডৰ এই জটিল পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল যথেষ্ঠ মানসিক চাপত আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে ছেবাক পৰীক্ষাৰ সন্দৰ্ভত স্থিতি ৰাজহুৱা কৰিবলৈ আহ্বান জনায়।
আনহাতে, পৰীক্ষা কেন্দ্ৰসমূহত মাস্ক, ছেনিটাইজাৰ আদি যোগান ধৰা,পৰীক্ষা চেণ্টাৰ বৃদ্ধি কৰা আদি বিভিন্ন বিষয়ত আছুৰ নেতৃত্বই ছেবা কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে । বৈঠকত ছেবা কৰ্তৃপক্ষই হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈ থকা বুলি আছু নেতৃত্বক জানিবলৈ দিয়ে ।
স্বাস্থ্য বিভাগৰ পৰা অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ বাবে 232 টা নতুন কেন্দ্ৰ খোলাৰ বাবে ব্যৱস্থা কৰিছে ছেবা কৰ্তৃপক্ষই ।
বৈঠকত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথকে ধৰি কেইবাগৰাকী বিষয়ববীয়া । আনহাতে বৈঠকত ছেবাৰ তৰফৰ পৰা অধ্যক্ষ ৰমেশ চান্দ জৈনকে ধৰি আন বিষয়ববীয়া উপস্থিত আছিল ৷
লগতে পঢ়কঃ ভৰত নৰহৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আটাছুৰ