ETV Bharat / state

দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBAৰ সহ সচিব

যোৱা ৫ চেপ্তেম্বৰত শিৱ কুমাৰ ভুজেল নামৰ ব‍্যক্তি গৰাকীয়ে জীয়ৰীৰ HSLC ৰ প্ৰমাণ পত্ৰত থকা কিছু বিসংগতিৰ বাবে কাষ চাপিছিল সহকাৰী সচিব হেমন্ত ডেকাৰ। ডেকাই উক্ত কামটোৰ বাবে ১০ হাজাৰ টকা উৎকোচ বিচাৰিছিল ভুজেল উপাধিৰ ব‍্যক্তি জনক ৷

seba corruption news at guwahati
দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBA ৰ সহ সচিব
author img

By

Published : Sep 18, 2020, 8:42 PM IST

Updated : Sep 18, 2020, 10:07 PM IST

গুৱাহাটী,18 চেপ্তেম্বৰঃ ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBAৰ সহকাৰী সচিব হেমন্ত ডেকা। HSLCৰ প্ৰমাণ পত্ৰত থকা বিসংগতি দূৰ কৰিবলৈ ১০ হাজাৰ টকা বিচাৰিছিল এগৰাকী যুৱতীৰ পৰা । যুৱতী গৰাকীয়ে ৮০০০ টকা দিবলৈ লওঁতে হাতে লোতে ধৰা পৰে হেমন্ত ডেকা । জানিব পৰা মতে যোৱা ৫ চেপ্তেম্বৰত শিৱ কুমাৰ ভুজেল নামৰ ব‍্যক্তি গৰাকীয়ে জীয়ৰীৰ HSLC ৰ প্ৰমাণ পত্ৰত থকা কিছু বিসংগতিৰ বাবে কাষ চাপিছিল সহকাৰী সচিব হেমন্ত ডেকাৰ। ডেকাই উক্ত কামটোৰ বাবে ১০ টকা উৎকোচ বিচাৰিছিল ভুজেল উপাধিৰ ব‍্যক্তি জনক।

দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBA ৰ সহ সচিব
ইপিনে শিৱ কুমাৰে সমগ্র বিষয় সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দিয়াত শুকুৰবাৰে সন্ধিয়া দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে অভিযান চলাই উৎকোচ লোৱা অৱস্থাত হাতে লোতে ধৰা পেলাই হেমন্ত ডেকাক। অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে প্ৰায় ৫ ঘন্টা জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ডেকাক। লগতে জব্দ কৰে বহু আপত্তিজনক সামগ্ৰীৰ লগতে বহু গুৰুত্ব পূৰ্ণ নথি পত্ৰ।

লগতে পঢ়কঃ ৰাজ্যত অব‍্যাহত ক’ৰণাৰ সংহাৰী ৰূপ

Last Updated : Sep 18, 2020, 10:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.