ETV Bharat / state

Assam School Dropout : অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ - ড্ৰপ আউটৰ হাৰ

ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত ড্ৰ'প আউটৰ হাৰ বহু বেছি । আৰ্থিক দুৰৱস্থাৰ বাবে বহু শিক্ষাৰ্থীয়ে আধাতে ত্যাগ কৰে বিদ্যালয় । অসমত নিম্ন প্ৰাথমিক স্তৰত প্ৰতিবছৰে গড়ে পাঁচ শতাংশ শিক্ষাৰ্থীয়ে ত্যাগ কৰে বিদ্যালয় । উচ্চ প্ৰাথমিকত ৮.৮ শতাংশ আৰু মাধ্যমিক স্তৰত ২০.৩ শতাংশ শিক্ষাৰ্থীয়ে ত্যাগ কৰে বিদ্যালয় ।

Assam School Dropout
বৃদ্ধি পাইছে আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 5:12 PM IST

গুৱাহাটী, ১৯ অক্টোবৰ : ৰাজ্যখনত অতি উদ্বেগজনকভাৱে আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থী তথা ড্ৰ'প আউটৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে । ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ মান উন্নত কৰা বুলি সততে দাবী কৰি অহাৰ বিপৰীতে ড্ৰ'প আউটৰ হাৰ বৃদ্ধিয়ে প্ৰকৃত স্বৰূপটো উদঙাই দিছে । লক্ষণীয় বিষয় যে প্ৰতি বছৰেই এই সংখ্যা ক্ৰমাৎ উর্ধ্বগামী হৈছে ।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ তুলনাত এই ক্ষেত্ৰত অসম পিছপৰি থকাৰ উপৰি ৰাষ্ট্ৰীয় স্তৰত ৰাজ্যখনৰ এই দুৰৱস্থা অতিশয় উদ্বেগজনক । অসমত শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি । এই পাৰ্থক্য ইমানেই বেছি যে তাক ৰাষ্ট্ৰীয় হাৰৰ সমান হ'বলৈও অসম বহু দূৰ আগবাঢ়ি লাগিব ।

অসমৰ শিক্ষাখণ্ডৰ এই দুখজনক দিশটো উন্মোচিত হৈছে ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেছন ছিষ্টেম ফৰ এডুকেছন প্লাছৰ (ইউডাইছ প্লাছ) প্ৰতিবেদন । শিক্ষা বিভাগৰ এই প্ৰতিবেদন অনুসৰি অসমত নিম্ন প্ৰথমিক স্তৰত প্ৰতিবছৰে গড়ে পাঁচ শতাংশ শিক্ষাৰ্থীয়ে বিদ্যালয় ত্যাগ কৰে । আনহাতে উচ্চ প্ৰাথমিকত এই হাৰ ৮.৮ শতাংশ আৰু মাধ্যমিক স্তৰত এই হাৰ ২০.৩ শতাংশ ।

ইফালে অসমৰ এই হাৰৰ বিপৰীতে প্ৰাথমিক স্তৰত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় হাৰ ১.৫ শতাংশ । উচ্চ প্ৰাথমিকত ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ ৩ শতাংশ আৰু মাধ্যমিক স্তৰত এই হাৰ ১২.৩ শতাংশ । ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমৰ অৱস্থা অতিকৈ উদ্বেগজনক । ইয়াৰ দ্বাৰা অসমৰ ৰাজহুৱা শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপটো সহজতে উপলব্ধি কৰিব পাৰি । চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তনৰ বাবে ৰাজ্য চৰকাৰে গুণোৎসৱকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও কাৰ্যতঃ কোনো সুফল পৰিলক্ষিত হোৱা নাই ।

উল্লেখ্য যে গুণোৎসৱৰ যোগেদি প্ৰত্যেক বছৰেই শিক্ষা ব্যৱস্থাটোৰ বিভিন্ন দিশ পোহৰলৈ আহে । বিশেষকৈ আন্তঃগাঁথনিকে ধৰি বিদ্যালয়সমূহৰ বিভিন্ন অভাৱ-অভিযোগ । কিন্তু গুণোৎসৱৰ পাছত এইসমূহ দূৰ কৰাৰ ওপৰত বিশেষ কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহয় । যাৰ ফলত সমস্যাসমূহ সমস্যা হৈয়েই থাকে ।

আনহাতে ড্ৰ'প আউটৰ দিশটোৰ ওপৰত চৰকাৰখনে বিশেষ গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে শিক্ষাৰ্থীৰ সংখ্যা কম থকা বিদ্যালয়সমূহ একত্ৰিকৰণৰ নামত বন্ধ কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব আৰোপ কৰিছে । কি কাৰণত বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কমিছে তথা আধাতে কিয় শিক্ষাৰ্থীয়ে বিদ্যালয় ত্যাগ কৰিছে তাৰ ওপৰত চৰকাৰখনে কোনোধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই ।

তথ্য মতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰত ছাত্ৰীতকৈ ছাত্ৰৰ বিদ্যালয় ত্যাগৰ হাৰ অধিক । আনহাতে মাধ্যমিক স্তৰত ছাত্ৰীৰ হাৰ অধিক । নিম্ন প্ৰাথমিক স্তৰত গড়ে বছৰি ৬.৮ শতাংশ ছাত্ৰই আধাতে বিদ্যালয় ত্যাগ কৰে । ছাত্ৰীৰ ক্ষেত্ৰত এই হাৰ ৫.২ শতাংশ । উচ্চ প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ হাৰ ১০.১ শতাংশ । ইয়াৰ বিপৰীতে ছাত্ৰীৰ হাৰ ৭.৬ শতাংশ ।

মাধ্যমিক স্তৰত ১৯.৮ শতাংশ ছাত্ৰই আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰাৰ বিপৰীতে ২০.৭ শতাংশই ছাত্ৰীয়ে আধাতে শিক্ষা জীৱন ত্যাগ কৰে । ইফালে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ তথ্যও প্ৰতিবেদনত উল্লেখ কৰা হৈছে । সেই অনুসৰি ২০২০-২১ বৰ্ষত প্ৰাথমিক বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৩.৩ শতাংশই শিক্ষানুষ্ঠান ত্যাগ কৰে । ২০২১-২২ বৰ্ষত এই হাৰ ৬ শতাংশলৈ বৃদ্ধি পায় । উচ্চ প্ৰাথমিকত ২০২০-২১ বৰ্ষত ৪.৬ শতাংশ শিক্ষাৰ্থীয়ে বিদ্যালয় শিক্ষা ত্যাগ কৰিছিল । ২০২১-২২ বৰ্ষত এই হাৰ ৮.৮ শতাংশলৈ বৃদ্ধি পায় ।

শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ এই জটিল সমস্যাটোৰ আঁৰত কেতবোৰ কাৰণ আছে । প্ৰতিবেদনত এই কাৰণসমূহো উল্লেখ কৰা হৈছে । সেই অনুসৰি দৰিদ্ৰতা, শিক্ষাৰ আন্তঃগাঁথনিৰ দুৰ্বলতা, প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, শিশু শ্ৰমিকৰ প্ৰয়োভৰ আৰু শিক্ষাৰ প্ৰতি একাংশ লোকৰ মাজত আগ্ৰহ কম হৈ অহাটো ইয়াৰ কাৰণৰূপে চিহ্নিত কৰা হৈছে ।

লক্ষণীয় বিষয় যে ক'ভিড মহামাৰীৰ পাছত এই সমস্যাটা অধিক তীব্ৰতৰ হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । বিশেষকৈ ক'ভিডৰ সময়ত বহুলোকৰ উপার্জন বন্ধ হৈ পৰাত আৰ্থিক সমস্যাই দেখা দিয়ে । যাৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰে শিক্ষাৰ্থীসকলৰ ওপৰত । বহু শিক্ষাৰ্থীয়ে শিক্ষা জীৱন ত্যাগ কৰি ঘৰুৱা দায়িত্বৰ বাবে কৰ্মত নিয়োজিত হ'বলগীয়া হয় ।

উল্লেখ্য যে চৰকাৰে কেৱল কোটি কোটি টকা ব্যয় কৰি বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিলে নাইবা শিক্ষক নিযুক্তি দিলেই এই সামাজিক সমস্যাৰ সমাধান নহয় । কোনো যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে চৰকাৰখনে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব । অন্যথা ড্ৰ'প আউটৰ হাৰ নিয়ন্ত্ৰিত নহ'ব ।

লগতে পঢ়ক: Deforestation in Assam : উন্নয়নৰ নামত জোনাইত বন বিভাগৰ বন ধ্বংসযজ্ঞ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.