ETV Bharat / state

Ram Nath Kovind Assam Visit: অসমলৈ আহি ক’ত ক’ত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে ?

author img

By

Published : Feb 24, 2022, 9:50 PM IST

শুকুৰবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ram Nath Kovinds Assam Visit)৷ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ পৰিছে চৰকাৰ-প্ৰশাসন । বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চাও আহক ৷

Ram Nath Kovind Assam Visit
অসমলৈ আহি ক’ত ক’ত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে ?

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ram Nath Kovinds Assam Visit)। ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ পৰিছে চৰকাৰ-প্ৰশাসন । ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত পদার্পণ কৰিবলগীয়া ৰাষ্ট্ৰপতিগৰাকীক আদৰিবৰ বাবে সাজু হৈ উঠিছে অসম চৰকাৰ । ন-ৰূপত সজাই-পৰাই তোলা হৈছে সমগ্ৰ গুৱাহাটী ।

ৰাষ্ট্ৰপতিগৰাকীয়ে অন্য কার্যসূচীৰ লগতে গুৱাহাটীত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী আৰু আলাবৈৰ ৰণৰ স্মৃতি সংৰক্ষণৰ দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ২৫ ফেব্ৰুৱাৰীৰ দিনৰ 1 বাজি 45 মিনিটত বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীত উপস্থিত হৈয়ে বিমান বন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ যাব । মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজভৱনলৈ যাব আৰু তাতে তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব । ইয়াৰ পাছত কিছু সময় ৰাজভৱনতে জিৰণি লৈ তেওঁ বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

বিয়লি 5 বাজি 30 মিনিটৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে কলাক্ষেত্ৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । কলাক্ষেত্ৰত তেখেত এঘণ্টা সময়ৰ বাৰে থাকিব আৰু তাতে ৰাষ্ট্ৰপতিগৰাকীয়ে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । সেই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলি আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ নতুনকৈ সজাই তুলিব খোজা সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব । কলাক্ষেত্ৰতে চৰকাৰে আয়োজন কৰা চাহ মেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকী ৰাজভৱনলৈ ঘূৰি যাব । সেইদিনা ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজভৱনতে নৈশ যাপন কৰিব ।

২৬ ফেব্ৰুৱাৰীৰ পুৱা ৰাজভৱনত পুৱাৰ আহাৰ গ্ৰহণ কৰি বৰঝাৰলৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । বৰঝাৰৰ পৰা বিমানেৰে ৰাষ্ট্ৰপতিগৰাকী তেজপুৰলৈ যাব । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশ গ্ৰহণ কৰিব । ইয়াৰ পাছত কাজিৰঙাৰ ৰিজৰ্টত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ । সিদিনাই বিয়লি ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙাত জীপ চাফাৰী কৰিব ।

আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙাৰ বিভিন্ন প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা বৈঠকতো মিলিত হ'ব । ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা কাজিৰঙাৰ ৰিজৰ্টতে কটাব । আনহাতে ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰিব । ২৭ ফেব্ৰুৱাৰীৰ দিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ পৰা উৰা মাৰিব ।

লগতে পঢ়ক: Russia Ukraine crisis: ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীক অনাৰ ব্যৱস্থা কৰিব সাংসদ পল্লব লোচন দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.