ৰঙিয়া, 22 ছেপ্তেম্বৰঃ অৰুনোদয় আঁচনিৰ আৰম্ভণিতে কেৰোণ লাগিছে ৰঙিয়াত । দোদেতিয়াত হিতাধিকাৰীৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে ৰাইজে । প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে চৰকাৰী গাইডলাইনৰ বাহিৰৰ একাংশ লোকৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ গঞা ৰাইজৰ । ক্ষুদ্ধ ৰাইজে উভতাই পঠালে আবেদন পত্ৰ পৰীক্ষণ কৰিবলৈ অহা শিক্ষকক ।
লগতে পঢ়কঃ হৃদয়হীন মাতৃয়ে হাবিত এৰি গ’ল নৱজাতকক
দৰিদ্ৰ হিতাধিকাৰী সকলে অৰুনোদয় আঁচনিৰ আবেদন পত্ৰসমূহ বিজেপিৰ বুথ কমিটিৰ সভাপতিৰ হাতত জমা কৰিছিল । কিন্তু ভেৰিফাই বিষয়া গৰাকীয়ে গাঁওখনত পৰীক্ষণ কৰিবলৈ কৰিবলৈ অহা সময়ত ৰহস্যজনকভাবে অন্তৰ্ধান হ'ল দৰিদ্ৰ হিতাধিকাৰীৰ আবেদন পত্ৰ । পৰীক্ষণ কৰিবলৈ অহা সময়ত অৰুনোদয় আঁচনিৰ বহু কেইখন আবেদন পত্ৰত হোৱাইটনাৰ ব্যৱহাৰ কৰি পত্ৰৰ ওপৰত একাংশ চৰকাৰী চাকৰীয়াল আৰু এচাম ধনবান লোকৰ নাম ৰাইজে প্ৰত্যক্ষ কৰে ।
ইয়াৰ উপৰিও ৰঙিয়াৰ বহু ঠাইত দৰিদ্ৰ লোকে লাভ কৰা নাই ফৰ্ম । অৰুণোদয় আঁচনিৰ টকা লাভ কৰাৰ পূৰ্বে এনে ধৰণৰ খেলিমেলি সংঘটিত হোৱাত ৰাইজে ক্ষোভ উজাৰে । উল্লেখ্য যে, লকডাউৰ সময়ত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি খনৰ ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল । প্ৰধানমন্ত্ৰীৰ কৃষক সন্মাননিধি আঁচনিৰ দৰে যাতে এইবাৰ অৰুনোদয় আঁচনিত খেলিমেলি নহয় তাৰ বাবে চৰকাৰক কঠোৰ হ'বলৈ আহ্বান ৰাইজৰ । লগতে এক উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক এই আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে বঞ্চিত হিতাধিকাৰীয়ে ।