গুৱাহাটী, 6 নৱেম্বৰ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীৰ খলনায়ক দিবন ডেকাৰ জামিন আবেদন খাৰিজ ন্যায়ালয়ৰ । উল্লেখ্য যে, দিবন ডেকাই জামিন বিচাৰি কামৰূপ (মহানগৰ) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আবেদন দাখিল কৰিছিল । কিন্তু ন্যায়ালয়ত জামিন আবেদন নাকচ হয় দিবন ডেকাৰ ৷
আনহাতে, 11 নৱেম্বৰত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে । ইফালে, আন এজন অভিযুক্ত অভিজিৎ বড়োৱে জামিন আবেদন দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত বড়োৰ আবেদনও প্ৰত্যাহাৰ কৰে আদালতে ।
উল্লেখযোগ্য যে, অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিবন ডেকা ৷
লগতে পঢ়ক : হাতৰ মুঠিতে উপলব্ধ হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা