গুৱাহাটী,4 ডিচেম্বৰঃ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাৰ গোচৰ। দিশপুৰ থানাত গোচৰ ৰুজু কৰিছে সত্যৰঞ্জনে। শুকুৰবাৰে এআইইউডিএফ প্ৰধানগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জনে ৷
বদৰুদ্দিনৰ বিৰুদ্ধে দিছপুৰ থানাত সত্যৰঞ্জনৰ গোচৰ গোচৰ ৰুজু কৰি সত্যৰঞ্জন বৰাই মন্তব্য কৰে যে, 'বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাইছে আজমল ফাউণ্ডেছন। বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ অসমৰ উন্নয়ন কৰিব নালাগে আজমলে ৷ মাদ্ৰাছাতো এই ফাণ্ডেৰে দেশদ্ৰোহিতাৰ কাম চলাইছে আজমলে ৷ মাদ্ৰাছা কিয় বন্ধ নকৰে চৰকাৰে ? প্ৰভাৱশালী মন্ত্ৰীৰ প্ৰভাৱ নাইকীয়া হ'ল নেকি বুলিও চৰকাৰক প্ৰশ্ন কৰে সত্যৰঞ্জন বৰাই ৷
লগতে পঢ়কঃ মাকুমত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ