ETV Bharat / state

মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী

কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী ৷ সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাই বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী ৷ অখিল গগৈ চৰকাৰী ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।

মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী
মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী
author img

By

Published : Dec 24, 2020, 7:05 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰ'টাৰী ক্লাবতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷

মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সম্প্ৰতি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ লগতে আন সকলো আন্দোলনকাৰী নেতাক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী জনায় ছাত্ৰ মুক্তিৰ সদস্য সকলে ৷ প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰি কয় যে, 'আমি আগতেও 'কা' মানি লোৱা নাছিলো আৰু এতিয়াও নলও ৷ আমি কোনো কাৰণতে বাংলাদেশীৰ বোজা ব'ব নোৱাৰো ৷'

লগতে সংগঠনটোৰ সদস্যসকলে যোৱা বছৰৰ 'কা' আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি স্পষ্ট কৰি দিয়ে যে, আইনখন বাতিল নকৰা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব । জাতিধ্বংসী আইনৰ বিৰোধিতাৰে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহটো 'কা' বিৰোধী সপ্তাহ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ লৈছে সংগঠনটোৱে ৷ 'কা' বিৰোধী সপ্তাহ উপলক্ষে অসমৰ বিভিন্ন স্থানত চাইকেল ৰেলী, জোঁৰ সমদল আৰু ৰাইজ মেল অনুষ্ঠিত কৰিব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক:বাংলাদেশৰ ইলিছেৰে অতিথি আপ্যায়ন কৰিমগঞ্জৰ বিজেপিৰ কাৰ্যনিৰ্বাহকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.