ETV Bharat / state

সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাঙ্গনা মঞ্চস্থ - More than four hundred viewers enjoyed Veerangana

ৰবীন্দ্ৰ ভৱনত বীৰাঙ্গনাৰ দপদপনি । দেওবাৰে মঞ্চস্থ হয় বীৰাঙ্গণা সতী সাধনীৰ জীৱনৰ আধাৰত ৰচিত নাটক বীৰাঙ্গণা । নাটখনিৰ দৃশ্যসজ্জা, মঞ্চসজ্জা আৰু অভিনয় কৌশলে মোহিত কৰে প্ৰায় চাৰি শতাধিক দৰ্শকক(More than four hundred viewers enjoyed Veerangana) ।

সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাঙ্গনা মঞ্চস্থ

author img

By

Published : Jun 6, 2022, 7:13 PM IST

গুৱাহাটী,৬ জুন: ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ল চুতীয়া ৰাজশাসনৰ ওপৰত আধাৰিত প্ৰথমখন নাট 'বীৰাংগনা' । অসমীয়া নাৰী সমাজৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জঁপিয়াই পৰা বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাটখনিয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।

গুৱাহাটী মহানগৰীত বসবাস কৰা চুতীয়া সমাজৰ উদ্যোগত আৰু অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত যোৱা দেওবাৰে মঞ্চায়ন হোৱা 'বীৰাংগনা' শীর্ষক নাটখনেই ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা চুতীয়া ৰাজশাসনৰ ওপৰত আধাৰিত প্ৰথমখন নাট । মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ শেষৰগৰাকী ৰাণী তথা বীৰাংগনা সাধনীৰ জীৱনৰ ওপৰত আধাৰিত নাটখন প্ৰায় চাৰি শতাধিক লোকে উপভোগ কৰাৰ লগতে নাটখনৰ কলা-কুশলীসকলে দুৰ্দান্ত অভিনয়ৰ মাজৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় (Sati Sadhanis life based play Veerangana staged) ।

উদ্যান-শস্য বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়াৰ সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলণেৰে আৰম্ভ হোৱা অনুষ্ঠানটি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰে উদ্ধোধন কৰে । লগতে নাট মঞ্চস্থৰ পূৰ্বে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা তথা চুতীয়া জনগোষ্ঠীৰ সু-সন্তান বতাহঘূলিৰ অৱসৰপ্ৰাপ্ত অবৰ সচিব গগন চন্দ্ৰ চুতীয়া, সৰুমটৰীয়াৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়াকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তিক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ।

মৰাণৰ লেঙেৰীৰ তথা বহু কেইগৰাকী প্ৰতিভাবান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা নাটকখনৰ সংগীত সুভাষ গগৈৰ । নাট্যকাৰ লীলা চুতীয়াৰ এই বিশেষ নাটখনি পৰিচালনা কৰে ভৈৰৱ কুমাৰ ফুকনে । বীৰাংগনা সতী সাধনীৰ জীৱন আধাৰিত নাট 'বীৰাংগনা'ত মূল চৰিত্ৰ-ধৰ্মধ্বজপাল অভিনয় কৰে পবিত্ৰ বুঢ়াগোহাঁই, সাধনীৰ চৰিত্ৰত অভিনয় কৰে পাহাৰী গগৈয়ে, নীতিপাল চৰিত্ৰত হীৰকজ্যোতি গগৈ আৰু কনচেং বৰপাত্ৰগোঁহাই চৰিত্ৰত অভিনয় কৰে যতীন বুঢ়াগোহাঁইয়ে ।

নাটখনৰ সুন্দৰ দৃশ্যৰূপ আৰু প্ৰতি গৰাকী অভিনেতা অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰে প্ৰতি গৰাকী দৰ্শকক মোহাছন্ন কৰি ৰাখে । লগতে উদ্যোক্তাসকল ক্ৰমে যুৱ সাংবাদিক ৰন্টু নেওগ, অগপ নেতা দিব্য ৰাজখোৱা, জ্ঞানেন চুতীয়া আৰু কুণ্ডিল চুতীয়াৰ প্ৰচেষ্টাক সকলোৱে শলাগ লয় । লগতে বীৰাংগনা সাধনীৰ ত্যাগ আৰু পৰাক্ৰমী ইতিহাসৰ বহু নজনা কথা নাটক খনৰ জৰিয়তে সফল ভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে নাট্য দলটি ।

লগতে পঢ়ক: ডিমা হাছাওত ভয়ংকৰ অগ্নিকাণ্ড : কথমপি প্ৰাণৰক্ষা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.