ETV Bharat / state

Congress Presidential Poll : প্ৰচাৰৰ বাবে শনিবাৰে গুৱাহাটীলৈ আহিব শশী থাৰুৰ

author img

By

Published : Oct 14, 2022, 11:27 AM IST

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰ ১৫ অক্টোবৰৰ বিয়লি উপস্থিত হ'ব গুৱাহাটীত (Sashi Tharoor to visit Guwahati) । ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্রতিনিধিসকলৰ সভাত অংশগ্রহণ কৰিব । সম্বোধন কৰিব সংবাদমেল । প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলৰে বাৰ্তালাপত মিলিত হ'ব ।

Tharoor
Tharoor

গুৱাহাটী, ১৪ অক্টোবৰ : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ (AICC presidential poll) বাবে প্ৰদেশ কংগ্ৰেছতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে । নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু হৈছে । কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচনত অসমৰ ২৮০ গৰাকী প্রতিনিধিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব । দলীয় ভোটাৰৰ সমৰ্থন বিচাৰি ইতিমধ্যে ১০ অক্টোবৰত অসমলৈ আহি গৈছে সভাপতি পদৰ এগৰাকী প্ৰাৰ্থী মল্লিকার্জুন খাৰ্গে (AICC presidential candidate Mallikarjun Kharge) ।

এতিয়া আহিব আনগৰাকী প্ৰাৰ্থী শশী থাৰুৰ । কাইলৈ অৰ্থাৎ শনিবাৰে প্ৰচাৰৰ বাবে আহিব শশী থাৰুৰ (Sashi Tharoor to visit Guwahati) । এই কথা জানিবলৈ দিয়ে প্রদেশ কংগ্ৰেছৰ মিডিয়া বিভাগে । মিডিয়া বিভাগে জনোৱা মতে, ১৫ অক্টোবৰত শশী থাৰুৰ প্ৰচাৰৰ বাবে গুৱাহাটীলৈ আহিব (AICC presidential candidate Sashi Tharoor) ।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ প্রার্থী, প্রাক্তন মন্ত্রী, সাংসদ শশী থাৰুৰে কাইলৈ বিয়লি ৪.৩০ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব । ইয়াৰ পাছত সন্ধিয়া ৫.৩৫ বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্রতিনিধিসকলৰ সভাত অংশগ্রহণ কৰিব আৰু সন্ধিয়া ৬.৩০ বজাত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিব । সন্ধিয়া ৭.৩০ বজাত তেওঁ প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলেৰে বাৰ্তালাপ কৰিব আৰু নিশা ৮.৩০ বজাত কংগ্ৰেছৰ জ্যেষ্ঠ প্রতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হ'ব ।

উল্লেখ্য যে সভাপতি নিৰ্বাচনত অসমৰ ২৮৯ টা ভোট আছে যদিও কেইবাজনেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব । ইফালে সভাপতি নিৰ্বাচনৰ প্ৰচাৰত জড়িত হোৱা বাবে সাংসদ আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সকলো বিষয়বাব ইতিমধ্যে ত্যাগ কৰিছে । সাংসদ আব্দুল খালেক আৰু বিধায়ক ৰকিবুল হুছেইনে মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শশী থাৰুৰৰ হৈ প্ৰচাৰ চলাইছে ।

যাৰ ফলত দুটা ভাগত বিভক্ত হৈ পৰিছে অসমৰ প্ৰতিনিধিসকল । উল্লেখ্য যে ১৭ অক্টোবৰত পৰৱৰ্তী কংগ্ৰেছ সভাপতি বাছনিৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব । অন্য ৰাজ্যৰ দৰে অসমতো ৰাজীৱ ভৱনত কংগ্ৰেছৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব । ইয়াৰ বাবে ১৬ অক্টোবৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰিটার্নিং বিষয়া ।

সাংসদ, বিধায়কৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৰে থাকিব ভোটাধিকাৰ । অৰ্থাৎ ব্লক কংগ্ৰেছ কমিটীৰ পৰা যাকেই প্রতিনিধি হিচাপে প্ৰেৰণ কৰা হৈছে সেইজনেই সভাপতি নির্বাচনত ভোটদান কৰিব পাৰিব ।

লগতে পঢ়ক :Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.