গুৱাহাটী, 8 জানুৱাৰী : কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এখন সংবাদমেল সম্বোধন কৰি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধক ব্যৱস্থা গঢ় দিবলৈ প্ৰত্যেককে যোগাসন কৰিবলৈ আহ্বান জনায় (Sonowal urged people to practise Yoga to remain safe from contracting COVID-19) ৷ তেওঁ লগতে কয় যে, আয়ুষ মন্ত্ৰালয়ে চাৱনপ্ৰাছ, সঞ্চমনি বটি, অনু তেল আৰু আয়ুষকোৱাথক লৈ ‘আয়ুৰক্ষা কিট’ নামৰ এক আয়ুৰ্বেদিক কিট প্ৰস্তুত কৰিছে ।
যিটোৱ কিটে কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে (Ayu rakhya kits helps immunity boosting) ৷ লগতে মহামাৰীৰ সময়তো নিজকে সুস্থ কৰি ৰখাত সহায় কৰে । মন্ত্ৰী সোণোৱালে উল্লেখ কৰে যে, দেশত ক’ভিড-১৯ ৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দেশৰ সমগ্ৰ স্বাস্থ্য ব্যৱস্থা এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈ আছে ।
তেওঁ লগতে কয় যে, আয়ুষ মন্ত্ৰালয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে ঔষধ-পাতি যোগান ধৰি আহিছে ।
তেওঁ সকলোকে আয়ুষ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা মানি চলি ক’ভিডৰ সংক্ৰমণৰ পৰা নিৰাপদে থাকিবলৈ আহ্বান জনায় । তেওঁ কয় যে, ক’ভিড-১৯ ৰ প্ৰতিৰোধ আৰু চিকিৎসাত প্ৰাচীন চিকিৎসা ব্যৱস্থা আয়ুষে যথেষ্ট সফলতা অৰ্জন কৰিছে । সেইবাবে তেওঁ যিসকল লোক ক’ভিডত কম পৰিমাণে আক্ৰান্ত হৈছে আৰু হোম আইছ’লেচনত আছে, তেওঁলোকে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ আয়ুষ-৬৪ অথবা কবাছুৰা কুডিনিয়েৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।
মন্ত্ৰী সোণোৱালে (Ayush Minister Sarbananda Sonowal) এই সংক্ৰমণ প্ৰতিহত কৰিবলৈ সকলোকে নিয়মীয়াকৈ যোগ অনুশীলন আৰু সুস্থ আয়ুষ আহাৰ গ্ৰহণৰ পৰামৰ্শ দিয়ে । তেওঁ লগতে কয় যে, আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ পৰিস্থিতি অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে ৷ লগতে এই সন্দৰ্ভত আয়ুষ মন্ত্ৰালয়ে বিভিন্ন নিৰ্দেশনা জাৰি কৰি আহিছে ।
লগতে পঢ়ক : Guwahati becomes Covid hotspot : ক'ভিড হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰী