ETV Bharat / state

ৰাজ্যত অচিৰেই বন্ধ হ'ব সংস্কৃত টোল আৰু মাদ্ৰাছা : হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত অচিৰেই বন্ধ কৰা হ'ব সংস্কৃত টোল আৰু মাদ্ৰাছা ৷ এই ধৰণৰ সকলো ধৰ্মীয় শিক্ষানুষ্ঠান বন্ধ কৰি সেই সমূহ হাইস্কুলৰ সৈতে চামিল কৰা হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ এই সমূহ বিদ্যালয়ৰ শিক্ষকসকলে ঘৰতে বহি দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Feb 12, 2020, 6:14 PM IST

হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : বুধবাৰে শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰা হ'ল জ্ঞান দিপীকা জলপানী আঁচনি ৷ এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ আৱাসত থাকি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক ৷ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ভৱেশ কলিতা ৷ এই আঁচনিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানতে হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ কৰ্মচাৰীৰ অধ্যয়নৰত সন্তানক এককালীন শৈক্ষিক অনুদান প্ৰদান কৰে চৰকাৰে ৷ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্যত অচিৰেই বন্ধ কৰা হ'ব সংস্কৃত টোল আৰু মাদ্ৰাছা ৷ এই ধৰণৰ সকলো ধৰ্মীয় শিক্ষানুষ্ঠান বন্ধ কৰি সেই সমূহ হাইস্কুলৰ সৈতে চামিল কৰা হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ এই সমূহ বিদ্যালয়ৰ শিক্ষকসকলে ঘৰতে বহি দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

জ্ঞান দিপীকা জলপানী আঁচনি উদ্বোধন চৰকাৰৰ

শিক্ষাখণ্ডৰ কিছু পৰিৱৰ্তন সাধনৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে,বৰ্তমান বিশ্ববিদ্যালয়,মহাবিদ্যালয়ৰ হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্ৰী-ছাত্ৰীক 50 শতাংশ মেচ ডিউচ প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতে এই পৰিমাণ বৃদ্ধি কৰা হ'ব ৷ বৰ্তমানলৈকে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হৈছে আৰু আগন্তুক বৰ্ষত স্নাতক পৰ্যায়ত বিনামূলীয়া পাঠ্য-পুথিৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্যত অচিৰেই বন্ধ হ'ব সংস্কৃত টোল আৰু মাদ্ৰাছা

ধিঙৰ বিধায়ক আমিনুল ইছলামে আহোমসকলক খিলঞ্জীয়া নহয় বুলি কৰা মন্তব্যৰ বিৰোধিতা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ হিমন্ত বিশ্ব শৰ্মাই কয় যে,তৃতীয়বাৰলৈ এইদৰে বিৰূপ মন্তব্য কৰিছে আমিনুল ইছালমে ৷ খিলঞ্জীয়াৰ সংজ্ঞাক চেৰাই আদালতৰ দ্বাৰস্থ হোৱাৰ হাবিয়াসতেই এইদৰে বিতৰ্কিত মন্তব্য কৰা বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাৰ ৷ উল্লেখ্য যে,আহোম সকল প্ৰকৃত খিলঞ্জীয়া নহয় মঙলবাৰে মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে ৷

আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত কি কয় হিমন্তই

ইয়াৰোপৰি অসম চুক্তি সন্দৰ্ভত সুস্মিতা দেৱে উত্থাপন কৰা প্ৰশ্নৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে,অসম চুক্তি ৰাজীৱ গান্ধীয়েহে স্বাক্ষৰ কৰিছিল । ৬ নং দফাত কিয় বঙালীক কিয় অন্তৰ্ভুক্ত কৰা নাই,সেইটো কংগ্ৰেছ দলৰ জ্যেষ্ঠসকলক সুধিলেহে গম পাব বুলি এক প্ৰকাৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকঃ কেবাখনো নতুন আচনি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.