ETV Bharat / state

মন্ত্ৰীৰ পদূলিয়ে পদূলিয়ে চেনিটাইজেছন টানেল - minister's house

কেইবাগৰাকীও মন্ত্ৰীয়ে তেওঁলোকৰ চৰকাৰী বাসগৃহৰ পদূলিত সংস্থাপিত কৰিছে চেনিটাইজেছন টানেল । এই টানেলৰ মাজেৰে অহাৰ পিছতহে যিকোনো লোক প্ৰৱেশ কৰিব পাৰিব মন্ত্ৰীৰ বাসগৃহৰ চৌহদত ।

sanitization tunnel at minister's house
মন্ত্ৰীৰ পদূলিয়ে পদূলিয়ে চেনিটাইজেছন টানেল
author img

By

Published : Jul 5, 2020, 8:35 PM IST

গুৱাহাটী, ৫ জুলাইঃ গুৱাহাটীত যি হাৰত কৰ'ণা সংক্ৰমণ বৃদ্ধি পাইছে ,সেই পৰিৱেশ পৰিস্থিতি যে সোনকালে স্বাভাৱিক হ'ব সেয়া এক অনিশ্চিত বিষয় হৈ পৰিছে । ৰজা-প্ৰজা সকলোৱেই এতিয়া কৰ'ণা আতংকত কম্পমান । ৰাইজে যি ধৰণে নিজকে এই মহামাৰীৰ পৰা বচাই ৰাখিবলৈ বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে, ঠিক একেদৰে জনপ্ৰতিনিধি সকলেও দিছপুৰত থকা তেওঁলোকৰ চৰকাৰী বাসগৃহসমূহত পাৰ্যমানে চেষ্টা চলাইছে সকলো প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিবৰ বাবে ৷

মন্ত্ৰীৰ পদূলিয়ে পদূলিয়ে চেনিটাইজেছন টানেল
ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা, কৃষি মন্ত্ৰী অতুল বৰাকে আদি কৰি কেইবাগৰাকীও মন্ত্ৰীয়ে তেওঁলোকৰ চৰকাৰী বাসগৃহৰ পদুলিত সংস্থাপিত কৰিছে চেনিটাইজেছন টানেল । এই টানেলৰ মাজেৰেহে যিকোনো লোক প্ৰৱেশ কৰিব পাৰিব মন্ত্ৰীৰ বাসগৃহৰ চৌহদত । এই টানেলত প্ৰতিজন লোকৰে সৰ্বশৰীৰ, পিন্ধি থকা কাপোৰ, জোতা-ছেণ্ডেল স্বয়ংক্ৰিয়ভাবে চেনিটাইজ কৰা হয় ।মনকৰিবলগীয়া যে ,দিছপুৰৰ এই মন্ত্ৰীৰ আৱাসগৃহ চৌহদতে আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ বাসগৃহ । ইতিমধ্যে ৰঞ্জিৎ দাসৰ তিনিজনকৈ দেহৰক্ষী আৰু এজন ব্যক্তিগত সহায়ক COVID ১৯ত আক্ৰান্ত হৈছে ।

লগতে পঢ়কঃবিশ্ববিদ্যালয়ক লক্ষ্য কৰি অশ্লীল মন্তব্য নকৰিবঃ আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.