ETV Bharat / state

Khirod Khakhlari passes away : জীৱন নাট সামৰিলে সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ক্ষীৰোদ খাখলাৰীয়ে

সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ক্ষীৰোদ খাখলাৰী আৰু নাই ৷ বাৰ্ধক্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী শিল্পীয়ে (Khirod Khakhlari passes away) ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ ৷

Sangeet Natak Akademi Award winner Khirod Khakhlari passes away
জীৱন নাট সামৰিলে সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত ক্ষীৰোদ খাখলাৰীয়ে
author img

By

Published : Oct 13, 2022, 9:04 PM IST

গুৱাহাটী, ১৩ অক্টোবৰ : বড়ো সংস্কৃতিৰ আজন্ম পূজাৰী, নীৰৱ সাধক তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ক্ষীৰোদ খাখলাৰী আৰু নাই (Khirod Khakhlari passes away) । বড়ো লোকনৃত্য-সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নীৰৱে বিপ্লৱ কৰি অহা এইগৰাকী বৰেণ্য লোকশিল্পীয়ে জীৱন নাট সামৰি গুচি যায় এক আজান মুলুকলৈ ।

শতবৰ্ষত ভৰি দিবলৈ মাত্ৰ আধা কুৰি বছৰ বয়স বাকী থাকোতেই এইগৰাকী শিল্পীয়ে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে (Khirod Khakhlari dies in GMCH) গুৱাহাটীৰ সাতগাঁও নিবাসী শিল্পী ক্ষীৰোদ খাখলাৰীয়ে ৷

১৯৭৩ চনত ‘‘বাথৌ কৃষ্টি আফাট’’ নামৰ এটা সাংস্কৃতিক অনুষ্ঠান জন্ম দি বড়ো লোক নৃত্য-সংগীতৰ বিকাশৰ বাবে নীৰৱে কাম কৰি আহিছিল শিল্পী ক্ষীৰোদ খাখলাৰীয়ে ৷ এই মঞ্চৰ জৰিয়তে যুৱ প্ৰজন্মক বড়োসকলৰ পঞ্চবাদ্যৰ উপৰিও নৃত্য, গীত-মাতৰ শিক্ষা প্ৰদান কৰি বড়ো সংস্কৃতিৰ ভঁৰাল সমৃদ্ধি কৰাৰ বাবে আগভাগ লৈছিল ।

তাৰোপৰি শিল্পীগৰাকীৰ নেতৃত্বত গঢ় লৈ উঠা সাংস্কৃতিক দলটোৱে অসমৰ লগতে বহিঃৰাজ্যত বিভিন্ন অনুষ্ঠানত বড়ো নৃত্য-গীত পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৃত হৈছিল । বিশেষকৈ প্ৰয়াত শিল্পীগৰাকীয়ে পৰিৱেশন কৰা চিফুং বাঁহীৰ সুৰে মন্ত্ৰ মুগ্ধ কৰিছিল দৰ্শক তথা শ্ৰোতাক ।

১৯৭৯ চনৰ পৰা বিভিন্ন মঞ্চত বাগৰুম্বা, বৰদৈচিলা, খেৰাই ৰণচণ্ডী আদি বিভিন্ন লোক নৃত্যৰ উপৰিও লোকসংগীত আৰু লোকবাদ্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম ‌হৈছিল এইগৰাকী সংস্কৃতিৰ নীৰৱ সাধকৰ চিন্তা চেতনাৰে জন্ম লাভ কৰা দলটোৱে । বড়ো সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ বাবে নিৰবিছিন্ন সাধনা অব্যাহত ৰখাৰ স্বীকৃতি স্বৰূপে ১৯৯৫ চনত ক্ষীৰোদ খাখলাৰীক অসম চৰকাৰে শিল্পী পেঞ্চন প্ৰদান কৰিছিল ।

ইয়াৰ পৰৱৰ্তী সময়ত ২০০৬ চনৰ ২০ মাৰ্চত নতুন দিল্লীত শিল্পী সাধনাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালামে সংগীত নাটক একাডেমি বঁটাৰে সন্মানিত কৰিছিল এইগৰাকী মহান শিল্পীক । বড়ো লোক নৃত্য-সংগীত জগতৰ এইগৰাকী পুৰোধা শিল্পীৰ আকস্মিক মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত পৰিছে গভীৰ শোকৰ ছাঁ ৷

লগতে পঢ়ক : অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° অমল ৰাজখোৱা আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.