ETV Bharat / state

উচ্চস্তৰীয় কমিটীয়ে সময়ত প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে বাকী দায়িত্ব চৰকাৰৰঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Feb 22, 2020, 1:33 PM IST

অসম চুক্তিৰ 6 নং দফা অনুসৰি 51 চনৰ পৰা 71 লৈ অসমত অহা হিন্দু মুছলমান বিদেশীৰ বোজা সমগ্ৰ ভাৰতবৰ্ষই লোৱাৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি দিয়া হৈছে আৰু উচ্চস্তৰীয় কমিটীয়ে সেই সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিবেদন ইতিমধ্যে প্ৰস্তুত কৰিছে বুলি সাংবাদিকৰ জৰিয়তে জানিবলৈ দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, 22 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ 6 নং দফা অনুসৰি গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰতে প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াই ইয়াৰ তথ্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰক ৷ কিন্তু বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন সম্পৰ্কত গুৰুত্ব আৰোপ নকৰা বিষয়ক লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে কমিটীৰ দায়িত্ব শেষৰ পাছত এতিয়া বাকী দায়িত্ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ।

অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ সকলো প্রভূত্ব নিয়ন্ত্ৰণ কৰি সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ হাতত ৰাখিব পৰা লক্ষ্যৰে এই প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে বুলি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে ৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নেতা সকলে বিভিন্ন মেল মিটিং লগতে সংসদত 6 নং দফাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰাৰ কথা কৈ আহিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.