ETV Bharat / state

শ্বহীদ চেম ষ্টেফৰ্ডৰ মাতৃক বিনামূলীয়া চিকিৎসা হেল্থ চিটি হাস্পতালৰ - মামণি ষ্টোফৰ্ড

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়চোৱাত প্ৰাণ গৈছিল হাতীগাঁৱৰ চেম ষ্টেফৰ্ডৰ। চেমৰ অকাল মৃত্যুৰ পাছৰে পৰা অসুস্থ হৈ আছে মাতৃ মামণি ষ্টেফৰ্ড ৷

sams-mother-unhealthy
শ্বহীদ চেম ষ্টেফৰ্ডৰ অসুস্থ মাতৃক বিনামূলীয়া চিকিৎসা প্ৰদান হেল্থ চিটি হস্পিতালৰ
author img

By

Published : Oct 6, 2020, 9:45 PM IST

গুৱাহাটী, 6 অক্টোবৰ: দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে 'কা' আন্দোলনৰ শ্বহীদ চেম ষ্টেফৰ্ডৰ মাতৃ মামনি ষ্টেফৰ্ড। শ্বাস-প্ৰশ্বাস, বুকুৰ বিষত আক্ৰান্ত চেমৰ মাতৃ। মঙলবাৰে তেখেতক ভৰ্তি কৰোৱা হয় মহানগৰীৰ হেল্থ চিটি হস্পিতালত। বৰ্তমান জ্যেষ্ঠ চিকিৎসকৰ এটা দলে পৰীক্ষা কৰি আছে চেমৰ মাতৃক । চিকিৎসালয়খনৰ ফেচিলিটি সঞ্চালক পৰাগ দত্তৰ নেতৃত্বত এটা চিকিৎসকৰ দলে চেমৰ মাতৃ স্বাস্থ্যৰ পৰীক্ষা-নিৰীক্ষা কৰি আছে। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি সম্পূৰ্ণ বিনামূলীয়াভাৱে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰোৱা হ'ব মামণি ষ্টেফৰ্ডৰ। লগতে চেমৰ মাতৃৰ চিকিৎসাৰ বাবে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে।

শ্বহীদ চেম ষ্টেফৰ্ডৰ অসুস্থ মাতৃক বিনামূলীয়া চিকিৎসা প্ৰদান হেল্থ চিটি হস্পিতালৰ

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়চোৱাত প্ৰাণ গৈছিল হাতীগাঁৱৰ চেম ষ্টেফৰ্ডৰ। চেমৰ অকাল মৃত্যুৰ পাছৰে পৰা অসুস্থ হৈ আছে মাতৃ মামণি ষ্টেফৰ্ড।

লগতে পঢ়ক: SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.