ETV Bharat / state

Assamese Film Industry: অসমীয়া ছবিৰ উত্তৰণৰ বাবে প্ৰচাৰ অভিযান সমীৰ ৰয়ৰ

author img

By

Published : Nov 26, 2022, 1:55 PM IST

অসমীয়া ছবিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বাইকেৰে অসমৰ পৰা অৰুণাচললৈ যাত্ৰা সাংস্কৃতিক কৰ্মী সমীৰ ৰয়ৰ (Assamese film industry) । একেদিনাই প্ৰায় ২৫ খনতকৈ অধিক প্ৰসাৰ, প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ প্ৰচাৰ অনুষ্ঠান ।

Samir Roy
Samir Roy

যোৰহাট, ২৬ নৱেম্বৰ : অসমীয়া ছবিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বাইকেৰে অসমৰ পৰা অৰুণাচললৈ যাত্ৰা আৰম্ভ কৰিছে সাংস্কৃতিক কৰ্মী সমীৰ ৰয়ে (promotional drive of Assamese film) । উক্ত যাত্ৰাকালত ইতিমধ্যে একেটা দিনতে অনুষ্ঠিত কৰিছে প্ৰায় ২৫ খনতকৈ অধিক সজাগতা সৃষ্টিৰ প্ৰচাৰ অনুষ্ঠান ।

উল্লেখ্য, অসমীয়া ছবিৰ সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰৰ কাৰণে দীর্ঘদিন ধৰি কাম কৰি আহিছে সমীৰ ৰয়ে (Samir Roy promotional rally of Assamese film) । শুকুৰবাৰেও "ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক" শীৰ্ষক প্ৰচাৰ অভিযানৰ বাবে সমীৰ ৰয়ে যাত্ৰা কৰে মাজুলী, লখিমপুৰ, ধেমাজি আৰু অৰুণাচল প্ৰদেশলৈ (Assamese film industry) ।

অসমীয়া ছবিৰ উত্তৰণৰ বাবে প্ৰচাৰ অভিযান সমীৰ ৰয়ৰ

এই যাত্ৰাৰ জৰিয়তে সাংস্কৃতিক কৰ্মী সমীৰ ৰয়ে জুবিন গাৰ্গ অভিনীত 'ৰাজনীতি' আৰু 'ডঃ বেজবৰুৱা'ৰ লগতে বেলকনীত ভগৱান, বন্ধু, দ্য ছেভেন ষ্টিং ,মে'ড ইন নলবাৰী আৰু ৰঘুপতিৰো প্ৰচাৰ আৰু সজাগতাৰ সৃষ্টি কৰে । আনহাতে, অভিনেতা যতীন বৰাৰ দ্বাৰা পৰিচালিত তথা বৰ্তমান শ্বুটিং চলি থকাৰ 'ৰাঘৱ'ৰো প্ৰচাৰ চলাইছে (Actor Jatin Bora) ।

বিগত কেইটামান দিন ধৰি সমীৰ ৰয়ে অসমীয়া ছবিৰ উত্তৰণ, প্ৰসাৰ, প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে । বিদ্যালয়-মহাবিদ্যালয়, গাঁও-চহৰ,পাহাৰ-ভৈয়ামৰ লগতে বহিঃৰাজ্যতো অসমীয়া ছবি উদ্যোগৰ ক্ৰমবিকাশৰ বাবে কাম কৰিৰ আহিছে সমীৰ ৰয়ে ।

উল্লেখ্য যে এসময়ত অসমীয়া ছবি উদ্যোগে বহুকেইখন বাণিজ্যিকভাৱে সফল আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফতা লাভ কৰা কলাত্মক ছবিৰ উপহাৰ দিছিল । কিন্তু মাজতে অসমীয়া ছবি উদ্যোগলৈ স্থবিৰতা নামি আহে । তাৰ পৰৱৰ্তী সময়ত অৱশ্যে যুৱ প্ৰজন্মৰ বহুকেইগৰাকী ছবি নিৰ্মাতা, প্ৰযোজক, পৰিচালক তথা শিল্পীয়ে অসমীয়া ছবি উদ্যোগক পুনৰুজ্জীৱিতকৰণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে ।

এই সময়ছোৱাতে বহুকেইখন ব্যৱসায়িকভাৱে সফল অসমীয়া ছবি মুক্তি পাইছে । আনহাতে, কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা-সন্মান লাভ কৰিবলৈও সক্ষম হৈছে । তেনে পৰিপ্ৰেক্ষিতত সমীৰ ৰয়ৰ এই পদক্ষেপ নিশ্চিতভাৱে আদৰণীয় তথা সাধুবাদৰ যোগ্য ।

লগতে পঢ়ক :Digvijay Singh falls down: ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচীতে বাগৰি পৰিল দিগ্বিজয় সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.