ETV Bharat / state

অনিশ্চয়তাত ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা: বিত্তীয় সংকটৰ দিশে আগুৱাইছে নেকি অসম !

author img

By

Published : May 11, 2020, 9:42 PM IST

বিত্ত বিভাগৰ কৰ্তৃত্বশীল এক সুত্ৰই প্ৰকাশ কৰা মতে বিভিন্ন প্ৰত্যাহ্বানকো নেওচি চৰকাৰে এপ্ৰিলৰ দৰমহা আদায় দিয়াৰ পিছতো সম্প্ৰতি ৰাজকোষত ৪,৯০০ কোটি টকা জমা আছে । কিন্তু এয়াই যথেষ্ঠ হ'ব নোৱাৰে । ক'ভিড ১৯ ৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা আৰু ১,৫০০ কোটি ৰাজ্যই লাভ কৰিব যদিও বৰ্তমানলৈকে সেই ধন অসমে পোৱা নাই ।

SALARY OF ASSAM STATE GOVERNMENT EMPLOYEE IS IN UNCERTAIN CONDITION
অনিশ্চয়তাত ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা

গুৱাহাটী, ১২ মে': ধাৰাবাহিক লক ডাউন আৰু ক'ভিড সন্ত্ৰাসে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাত যে সাংঘাটিক ধৰণে নেতিবাচক প্ৰভাৱ পেলাইছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । ইতিমধ্যে একাধিকবাৰ ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই এই কথা স্বীকাৰো কৰিছে । ৰাজ্যত এতিয়া সবাটোকৈ চৰ্চিত বিষয়টো হৈছে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা । কিয়নো বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি ইতিমধ্যে ৰাজ্যিক কৰ্মচাৰী সকলে এপ্ৰিলৰ দৰমহা মে' মাহত লাভ কৰিলে যদিও মে'ৰ দৰমহা যে জুনত লাভ কৰিব সেয়া অনিশ্চিত । ৰাজ্যত চৰকাৰী কৰ্মচাৰীৰ সংখ্যা হৈছে প্ৰায় ৪ লাখ ৪০ হাজাৰ । অনুৰূপ ভাবে পেঞ্চনাৰৰ সংখ্যাও প্ৰায় ডেৰ লাখ । বিত্ত বিভাগৰ তথ্য মতে ৰাজ্যিক কৰ্মচাৰীৰ কেৱল দৰমহাৰ বাবেই মাহে প্ৰয়োজন প্ৰায় ২,৮০০ কোটি টকা । চলিত বৰ্ষৰ বাজেটত ধাৰ্য কৰা অনুসৰি ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা, প্ৰায় আঢ়ৈ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন আৰু বিভিন্ন উৎসৰ পৰা ৰাজ্য চৰকাৰখনে লৈ থোৱা ঋণৰ সুতৰ বাবে মাহে প্ৰয়োজন ৩,৫০০ কোটি টকা ।

লক্ষণীয় বিষয়টো হ'ল বিত্ত বিভাগৰ কৰ্তৃত্বশীল এক সুত্ৰই প্ৰকাশ কৰা মতে বিভিন্ন প্ৰত্যাহ্বানকো নেওচি চৰকাৰে এপ্ৰিলৰ দৰমহা আদায় দিয়াৰ পিছতো সম্প্ৰতি ৰাজকোষত ৪,৯০০ কোটি টকা জমা আছে । কিন্তু এয়াই যথেষ্ঠ হব নোৱাৰে । ক'ভিড ১৯ ৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা আৰু ১,৫০০ কোটি ৰাজ্যই লাভ কৰিব যদিও বৰ্তমানলৈকে সেই ধন অসমে পোৱা নাই । আনহাতে, চৰকাৰৰ নিজা উপাৰ্জনৰ সকলো পথেই এতিয়া প্ৰায় বন্ধ । ৰাজ্য চৰকাৰে যোৱা এপ্ৰিল মাহত জি এছ টিৰ নামত যি ধন কেন্দ্ৰৰ পৰা লাভ কৰিলে সেয়াও তেনেই সামান্য । কিয়নো ধাৰাবাহিক লকডাউনে অৱনমিত কৰিছে জি এছ টিৰ পৰিমাণো । আশ্চৰ্যজনক যে ২০১৯ ৰ এপ্ৰিলত অসম চৰকাৰে জি এছ টিৰ ধন কেন্দ্ৰৰ পৰা পাইছিল ৯৩২ কোটি টকা । কিন্তু এইবাৰ বিগত এপ্ৰিল মাহত অসমে জি এছ টিৰ ধন লাভ কৰিছে মাত্ৰ ১৯২ কোটি টকা ।

অনিশ্চয়তাত ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা
ইপিনে, ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে ইতিমধ্যে বিলাতী সুৰাৰ সৰ্বোচ্ছ বিক্ৰী মূল্যৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ কৰ আৰোপ কৰা হৈছে । আশা কৰা হৈছে ইয়াৰ ফলত এহেজাৰ কোটি টকা ৰাজকোষলৈ আহিব । পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ বাবেও ৰাজকোষলৈ অতিৰিক্ত ভাবে ডেৰশ কোটি অহাৰ সম্ভাৱনা আছে । আনহাতে, ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যি বৃহৎ ধনৰাশি ব্যয় কৰা হৈছে তাৰো কোনো পৰিকল্পনা বাজেটত নাছিল । সেয়েহে বিধ্বস্ত হৈ পৰা ৰাজ্যৰ এনে অৰ্থনৈতিক পৰিস্থিতিৰ ফলত আগন্তুক মাহৰ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা একপ্ৰকাৰ অনিশ্চয়তালৈ গতি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.