ETV Bharat / state

Sakunir pratisodh staged: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শকুনিৰ প্ৰতিশোধ মঞ্চস্থ

শ্ৰীমন্ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ 'শকুনিৰ প্ৰতিশোধ' নাটকে মন্ত্ৰমুগ্ধ কৰিলে সহস্ৰাধিক দৰ্শকক । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু পৰিচালক পংকজ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰিলে সাংস্কৃতিক সংগঠন নিনাদে (নিনাদ The cultural group) ।

author img

By

Published : Feb 9, 2023, 10:10 AM IST

Shakunir Pratisodh drama performed in Guwahati
শ্ৰীমন্ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শকুনিৰ প্ৰতিশোধ' মঞ্চস্থ

গুৱাহাটী,৯ ফেব্ৰুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদস্থিত শ্ৰীমন্ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বুধবাৰে বিশিষ্ট নাট্যশিল্পী, অভিনেতা পংকজ গোস্বামীৰ পৰিচালনাৰে কবি, নাট্যকাৰ গণেশ গগৈ ৰচিত নাট শকুনিৰ প্ৰতিশোধ মঞ্চস্থ কৰা হয় (Srimanta Madhavdev International Auditorium)। নিনাদ The cultural group নামৰ সাংস্কৃতিক সংগঠনটোৱে আয়াজন কৰা নাট্যানুষ্ঠানটিৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা আছিল পংকজ গোস্বামীৰ (Drama performed in Srimanta Sankaradeva Kalakshetra)।

এই নাটখন মঞ্চস্থ হোৱাৰ পূৰ্বে অযোজিত এক অনুষ্ঠানত জেষ্ঠ অভিনেতা দীনেশ দাসে বন্তি প্ৰজ্বলন কৰে ( Veteran actor Dinesh Das)। তাৰ পিছত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস আৰু পৰিচালক পংকজ গোস্বামীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Popular actress Chetna Das)। উদীয়মান বাঁহীবাদক উত্তৰ প্ৰদেশত পৰিবেশ্য কলাত শিক্ষাৰত চানি নামেৰে জনপ্ৰিয় দেৱকিশোৰ গোস্বামীয়ে এটি ৰাগেৰে নাটখনিৰ শুভ উদ্বোধন কৰে ।

নাটখনত মহাভাৰতৰ কুৰুক্ষত্ৰ ৰণৰ মূল কাণ্ডাৰী শকুনিৰ ভাওত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা পদ্মৰাগ গোস্বামীয়ে (Sakunir Pratisodh drama performed in Guwahati)। অভিনেতা দীনেশ দাসে অভিনয় কৰে ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত । আনহাতে,নাটখনিত ক্ৰমে গান্ধাৰী,দ্ৰৌপদী,কৃষ্ণ,যুধিষ্ঠিৰ,ভীম,অৰ্জুন,সহদেৱ,কৰ্ণ,পদ্মা আদি চৰিত্ৰত অভিনয় কৰে ড৹শিখা বেজবৰুৱা গোস্বামী,দোলা পাল,ময়ূৰজিৎ কলিতা,সণ্জীৱ কুমাৰ ৰাভা,নিবিড় বড়া,গৌৰৱজ্যোতি বড়া,প্ৰাচুৰ্য্য বৰুৱা,চিন্ময় ফুকন,স্বাগতা ভৰালী আদিকে ধৰি ন-পুৰণি শিল্পীসকলে । এই শিল্পীসকলৰ শৃংখলিত অভিনয়ে সহস্ৰাধিক দৰ্শকক মুগ্ধ কৰি তোলে । আনহাতে, কৌৰৱকুলৰ দুৰ্যোধনৰ চৰিত্ৰত উদীয়মান শিল্পী কংকণ বৰাৰ দুৰ্দান্ত অভিনয় আছিল নাটখনিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । দু:শাসন,শৈল্য আৰু বৈৰাগীৰ চৰিত্ৰত অভিনয় কৰে ক্ৰমে অমৃতপ্ৰাণ,বিপ্লৱ শৰ্মা আৰু মহশ্বৰ বৰাই ।

এই নাটখনিৰ মূল আকৰ্ষণ সু-সজ্জিত ৰূপসজ্জা,মনোমোহা অত্যাধুনিক বেশ-ভূষা । এই সকলোবোৰ প্ৰস্তুত কৰি উলিয়াইছে যোৰহাটৰ প্ৰকাশ চক্ৰৱৰ্তীয়ে । নাটখনিৰ সংগীত ব্যৱস্থাপনা ৰঞ্জীব দাসৰ । তদুপৰি পোহৰ আৰু শব্দযন্ত্ৰীত সহায় কৰিছে ক্ৰমে ৰাজীৱ কলিতা আৰু মুকুট দাসে । মঞ্চসজ্জা ধনজিৎ শৰ্মা আৰু দীপা দাসৰ । নাটকখনৰ কেইটামান বিশেষ দৃশ্যত কেইবাগৰাকীও শিশু শিল্পীক পৰিচালকে প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে ।

মহাভাৰতৰ কাহিনীৰ আলমত ৰচনা কৰা এই বিশেষ নাটখনি ভাওনাৰ শৈলীৰ পৰা কিছু পৃথক ৰূপেৰে নাটকীয় ভাৱে উপস্থাপন কৰিবলৈ পৰিচালক পংকজ গোস্বামীয়ে চেষ্টা কৰিছে । অৱশ্য়ে ইয়াৰ মাজতো কোনো কোনো ক্ষেত্ৰত ভাওনাৰ সুৰ আৰু কথন ভংগীমাৰ অতি প্ৰয়োগ বৰ্জন কৰিব পৰা নাই । দৰ্শকৰ বিপুল সহাৰিয়ে নাটখনি উপস্থাপনত সফল কৰি তুলিছে শকুনিৰ প্ৰতিশোধ নাটখনি ।

লগতে পঢ়ক:Next CJ of Gauhati High Court: সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তিৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.