ETV Bharat / state

সাহিত্য সভাৰ কাৰ্যালয়ত ওলমিল তলা - Sahitya Sabha employees strike in Assam

সাহিত্য সভাৰ কাৰ্যালয়ত তলা ওলোমাই কৰ্মবিৰতি পালন সাহিত্য সভাৰ বেতন বঞ্চিত কৰ্মচাৰীৰ (Assam Sahitya Sabha employees strike) । দৰমহা নোপোৱা পৰ্যন্ত কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ কৰ্মচাৰীসকলৰ ।

SS
SS
author img

By

Published : Sep 26, 2022, 8:15 PM IST

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : সন্মুখত অধিবেশন আৰু নিৰ্বাচন, তাৰ পূৰ্বে অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ কাম-কাজত স্থৱিৰতা ৷ বেতন বঞ্চিত সাহিত্য সভাৰ কৰ্মচাৰী বহিল প্ৰতিবাদত (Sahitya Sabha employees strike for salary) । সাহিত্য সভাৰ কাৰ্যালয়ত তলা ওলোমাই কৰ্মবিৰতি পালন কৰিলে কৰ্মচাৰীসকলে (Sahitya Sabha employees strike hanging locks) ।

আনহাতে, দৰমহা নোপোৱা পৰ্যন্ত কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ প্ৰদান সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ । উল্লেখ্য, বিগত ৭ মাহে দৰমহা নাই সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ । সাহিত্য সভাৰ বিষয়ববীয়াৰ আভ্যন্তৰীণ কন্দলৰ বাবেই চৰকাৰে বাজেট আৱণ্টিত পুঁজি মুকলি কৰি নিদিয়াৰ অভিযোগ উঠিছে । ইফালে সাহিত্য সভাৰ ধন জমা থকাৰ পিছতো দৰমহা নিদিয়াৰ অভিযোগ কৰিছে কৰ্মচাৰীসকলে ।

আনহাতে, দৰমহাৰ অভাৱত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবেও আনৰ মুখলৈ চাই থাকিবলগা হৈছে অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে ৷

এক কথাত ক'বলৈ গ'লে কৰ্মচাৰীক দৰমহা দিবলৈ অপাৰগ সাহিত্য সভাৰ নেতৃত্ব ৷ যাৰ ফলত জাতিটোৰ মেৰুদণ্ড স্বৰূপ অসম সাহিত্য সভাৰ এতিয়া নাজল-নাথল অৱস্থা হৈছে ৷ মাহিলি দৰমহাৰ বাবে বাৰে বাৰে প্ৰতিবাদ কৰিবলগা হৈছে অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে । শাৰদীয় দুৰ্গোৎসৱৰ বতৰতো বেতনৰ পৰা বঞ্চিত হৈ আছে কৰ্মচাৰীসকল ৷

বেতন বঞ্চিত কৰ্মচাৰীৰ কৰ্মবিৰতি : সাহিত্য সভাৰ কাৰ্যালয়ত ওলমিল তলা

কিন্তু কৰ্মচাৰীৰ এনে দুৰৱস্থাৰ দেখিও জমা পুঁজিৰ পৰা ধন আদায় নিদি চৰকাৰে দিলে দিম বুলি কৰ্মচাৰীক সান্ত্বনা দি আহিছে বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে ৷ নিজা পুঁজি থকাৰ পাছতো কৰ্মচাৰীক এমাহৰ দৰমহা দিবলৈও যেন চৰকাৰৰ মুখলৈ বাট চাবলগা হয় অসম সাহিত্য সভাই ৷ আনহাতে, পৰামনন্দ ৰাজবংশীৰ সভাপতিত্বৰ কালত গঠন হৈছিল মুক্ত শিক্ষা গৱেষণা কেন্দ্ৰ ৷

তথ্য অনুসৰি, মুক্ত শিক্ষা গৱেষণা কেন্দ্ৰতো জমা হৈ আছে ৬৫ লাখ টকা ৷ লগতে সাহিত্য সভাৰ আজীৱন সদস্যৰ নামতো জমা ধন আছে কোটি টকা ৷ উল্লেখ্য যে অসম সাহিত্য সভাৰ গুৱাহাটী, যোৰহাট, নগাঁও, ডিব্ৰুগড়, ডিফু, মঙলদৈ, বাক্সা, ধুবুৰী, শিলচৰ কাৰ্যালয়ত আজি প্ৰাপ্য দৰমহাৰ দাবীত কৰ্মবিৰতি পালন কৰে সাহিত্য সভাৰ কৰ্মচাৰীসকলে (Sahitya Sabha employees strike in Assam) ।

লগতে পঢ়ক :অসম সাহিত্য সভাৰ দৰমহা বঞ্চিত কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.