ETV Bharat / state

শ্বহীদ সকলৰ ত্যাগ জাতিৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব: লুৰিণজ্যোতি গগৈ

অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত শ্বহীদ সূৰ্য্য বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান(Martyr Surya Bara tribute ceremony)। আধুনিকতা, বিশ্বায়ন আৰু বজাৰ অৰ্থনীতিৰ ধামখুমিয়াৰ মাজতো একোটা ক্ষুদ্ৰ জাতিৰ আত্ম পৰিচয়ৰে জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা প্ৰথম আৰু প্ৰধান সমল হৈছে জাতিটোৰ ভাষা আৰু সংস্কৃতি ৷

author img

By

Published : Jul 8, 2022, 10:56 PM IST

Martyr Surya Bora's tribute ceremony by AJP in Guwahati
শ্বহীদ সকলৰ ত্যাগ জাতিৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব: লুৰিণজ্যোতি গগৈ

গুৱাহাটী, ৮ জুলাই : ভাষা আন্দোলনৰ দ্বিতীয় শ্বহীদ সূৰ্য্য বৰাৰ পবিত্ৰ স্মৃতিত অসম জাতীয় পৰিষদ দলে আজি দলৰ কেন্দ্ৰীয় কার্যলয়ত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন কৰে(Martyr Surya Bara tribute ceremony) । দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিচ্ছবিত পুষ্পঞ্জলি নিবেদন কৰে ।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে(AJP president Lurinjyoti Gogoi) কয় যে ১৯৬০ চনৰ ৮ জুলাইৰ দিনা কলিকতাৰ পৰা অসমলৈ আহি থকা অৱস্থাত শিলিগুৰি জংসনত বিনা অপৰাধত কোনো অসমীয়া ভাষা বিৰোধী দুৰ্বৃত্তই নিষ্ঠুৰভাবে তেওঁক হত্যা কৰে । এই নিৰ্মম ঘটনা অসমীয়াই আজিও পাহৰা নাই আৰু ভৱিষ্যতেও নাপাহৰে । অসমীয়া ভাষাৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদৰ চৰম ত্যাগ জাতিটোৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব ।

তেওঁ লগতে কয় যে, আধুনিকতা, বিশ্বায়ন আৰু বজাৰ অৰ্থনীতিৰ ধামখুমিয়াৰ মাজতো একোটা ক্ষুদ্ৰ জাতিৰ আত্ম পৰিচয়ৰে জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা প্ৰথম আৰু প্ৰধান সমল হৈছে জাতিটোৰ ভাষা আৰু সংস্কৃতি ৷ এসময়ত নিজস্ব কিছু অমনোযোগিতাৰ ফলত বিলুপ্তিৰ উপকণ্ঠত থিয় হোৱা জাতি একোটাইও আজিৰ পৃথিৱীত আত্মপৰিচয় ঘূৰাই পোৱাৰ তাড়নাত সংগ্ৰাম কৰিবলৈ ওলাই আহিছে ।

তেওঁ কয় যে, আমাৰ এই প্ৰান্তত যিদৰে ত্ৰিপুৰীসকলে নিজস্ব ভাষা ককবৰকৰ বাবে সংগ্ৰাম কৰি আংশিকভাৱে সফলতা লাভ কৰিছে ঠিক সেইদৰে আধুনিক সাৰ্বজনীন নিউইয়ৰ্কৰ ৰাজপথতো নিজস্ব গীত-মাত, ভাষা-সংস্কৃতিৰ প্ৰদৰ্শনৰে ক্ষীণ স্বৰত হ’লেও ওলাই আহিছে কলম্বাছে বিচাৰি পোৱা দিনৰ আমেৰিকাৰ ভূমিপুত্ৰসকল । একেদৰে আইৰ মুখৰ মাতষাৰ জীয়াই ৰাখিবলৈ অসমীয়া জাতিয়েও স্বাধীনতাৰ পূৰ্বৰে পৰা পাৰ কৰি আহিবলগা হৈছে বহু সংঘাত । সেই ষড়যন্ত্ৰ ওফৰাবলৈ গৈ হেৰুৱাব লগা হৈছে বহু জীৱন ।

তেওঁ লগতে কয় যে, জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল ৰঞ্জিত বৰপূজাৰী, অনিল বৰা, মোজাম্মিল হককে ধৰি জ্ঞাত-অজ্ঞাত অলেখ অসমীয়াই ।

ইফালে, অনুষ্ঠানত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাষা আন্দোলনৰ সময়চোৱাত অকালতে নিজৰ প্ৰাণ উচৰ্গা কৰা শ্বহীদ সূৰ্য বৰাৰ কৰ্মময় জীৱনৰ চমু আভাস দাঙি ধৰি কয় যে, এতিয়াৰ মৰিগাঁও জিলাৰ অন্তৰ্গত সেইসময়ৰ নগাঁও জিলাৰ জাগীত ১৯২৬ চনত তেওঁৰ জন্ম হৈছিল ৷ পিতৃ ভূৱন চন্দ্ৰ বৰা আৰু মাতৃ মনোৰমা বৰা ৷ তেওঁ ভাৰতীয় ৰে'লৰ কাৰ্যালয় সহায়ক হিচাবে ১৯৪৬ চনত মালিগাঁও ৰে'লৱে কাৰ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰিছিল ।

কবি, গীতিকাৰ আৰু অভিনেতা হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল শ্বহীদ সূৰ্য বৰাই । তেওঁ ৰচনা কৰা দুখন কবিতা পুথি হৈছে সুৰ সন্ধানী আৰু জিৰণি ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তেওঁ স্বীকৃত গীতিকাৰ আছিল । অভিনেতা হিচাবে তেওঁৰ প্ৰতিভা প্ৰকাশ পাইছিল বিশেষকৈ লাচিত বৰফুকন আৰু নিমিলা অংকত ৷

তেওঁ কয় যে, এইগৰাকী প্ৰতিভাৱান অসমীয়াক আমি হেৰুৱাব লগা হৈছিল ১৯৬০ চনৰ ভাষা আন্দোলনত । কলিকতাৰ পৰা ঘূৰি অহাৰ পথত ৮ জুলাইৰ দিনা শিলিগুৰি ৰে'ল ষ্টেচনত তেওঁ দুৰ্বৃত্তৰ পাশবিক অত্যাচাৰৰ বলি হৈ শ্বহীদ হৈছিল । ৮ জুলাইৰ দিনটোত প্ৰতিবছৰে সকলো অসমীয়াই এই শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । অসম জাতীয় পৰিষদ দলেও ৮ জুলাইৰ পবিত্ৰ দিনটোত দলৰ কাৰ্যালয়ত এই শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচীৰ আয়োজন কৰে ।

বক্তব্যৰ শেষত ভূঞাই লগতে কয় যে, ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য্য বৰাৰ স্মৃতিৰ সৈতে জড়িত হৈ আছে আমাৰ ভাষাৰ সংকটৰ বিষয়টো ৷ বিশেষকৈ আজিৰ পৰিস্থিতিত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে এই সংকটৰ বিষয়টো অধিক ঘনীভূত কৰি তুলিছে বৰ্তমানৰ চৰকাৰখনে ৷

এই অসংবিধানিক ব্যৱস্থাৰ দ্বাৰা জাতিটোক ধ্বংস কৰাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিবলৈ অসমৰ ৰাইজক উদ্বুদ্ধ কৰা এক ইতিহাস হৈছে ১৯৬০ চনৰ ভাষা আন্দোলন । এই ভাষা আন্দোলনৰ সৈতে জড়িত হৈ আছে সূৰ্য বৰাকে ধৰি অনেক জনৰ স্মৃতি, শ্বহীদ সকলৰ চৰম ত্যাগ । সেই বীৰ শ্বহীদ সকলৰ ত্যাগক জাতীয় পৰিষদে কেতিয়াও অথলে যাব নিদিয়ে বুলি তেওঁ কয় ।

উল্লেখ্য যে, ভাষা আন্দোলনৰ বিভিন্ন দিশ সম্পৰ্কত জাতীয় পৰিষদৰ উপসভাপতি সমচেৰ সিঙ, যুটীয়া সম্পাদক গিৰিন তালুকদাৰকে ধৰি কেইবাগৰাকী বক্তাই বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : ক'ভিডৰ দুবছৰত শিক্ষা লাভৰ পৰা বঞ্চিত ৰাজ্যৰ ৫৮ শত‍াংশ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.