ETV Bharat / state

শ্ববে বৰাতৰ নিশা দোৱা কৰিবলৈ ৰাইজক আহ্বান গুৱাহাটী কবৰস্থান কমিটিৰ - কৰ’ণা ভাইৰাছ

শ্ববে বৰাত উপলক্ষে নিশা ইছলাম ধৰ্মাৱলম্বী লোকসকলে কবৰ জিয়াৰত কৰাৰ লগতে দোৱা কৰে আৰু মছজিদত ইবাদত কৰে ৷ এয়া ইছলাম ধৰ্মৰ এক পৰম্পৰা ৷ কিন্তু এইবাৰ কৰ’ণা ভাইৰাছৰ বাবে যিকোনো উৎসৱ অথবা পৰম্পৰা পালনত সৃষ্টি হৈছে প্ৰতিবন্ধকতা ৷

sab e barat not to be celebrated due to Covid 19 guwahati
শ্ববে বৰাত
author img

By

Published : Apr 9, 2020, 7:42 PM IST

গুৱাহাটী,9 এপ্ৰিলঃ বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ধর্মীয় পৰ্ব শ্ববে বৰাত ৷ এই নিশা ইছলাম ধৰ্মাৱলম্বী লোকসকলে কবৰ জিয়াৰত কৰাৰ লগতে দোৱা কৰে আৰু মছজিদত ইবাদত কৰে ৷ এয়া ইছলাম ধৰ্মৰ এক পৰম্পৰা ৷ কিন্তু এইবাৰ কৰ’ণা ভাইৰাছৰ বাবে যিকোনো উৎসৱ অথবা পৰম্পৰা পালনত সৃষ্টি হৈছে প্ৰতিবন্ধকতা ৷ মহানগৰীৰ আঠগাঁৱস্থিত গুৱাহাটী কবৰস্থান কমিটিয়ে চৰকাৰৰ নিৰ্দেশমৰ্মে সম্পূৰ্ণ বন্ধ ৰাখিছে কবৰস্থানৰ প্ৰৱেশদ্বাৰ । যাৰ ফলত সম্পূৰ্ণভাৱে বন্ধ হৈ আছে কবৰস্থানৰ ভিতৰত থকা মছজিদ ৷

শ্ববে বৰাত উদযাপনৰ পৰা বিৰত ইছলামধৰ্মী লোক

সেয়ে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা ঘৰতে থাকি আল্লাহৰ ইবাদত আৰু মৃতসকলৰ বাবে দোৱা কৰিবলৈ ইছলামধৰ্মী লোকসকলক আহ্বান জনোৱা হয় ।

লগতে চাওকঃ লক ডাউনঃ কামৰূপৰ শিঙিমাৰীত পথাৰতে নষ্ট ৰবিশস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.