গুৱাহাটী, 26 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত সংখ্যা ৷ সমান্তৰালকৈ বহিঃৰাজ্যৰ পৰা অহা লোকে ভৰি পৰিছে অসমৰ কোৱাৰেন্টাইন কেন্দ্ৰ ৷ এই জটিল সময়ছোৱাত কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকসকলক সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ কাতৰ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত সাংবাদিকক সম্বোধন কৰি কোৱাৰেন্টাইন কেন্দ্ৰ আৰু বানপানী সাহাৰ্য শিবিৰ একে নহয় বুলি সকীয়াই দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ লগতে কোৱাৰেন্টাইন কেন্দ্ৰত থকা সকলে সামাজিক ব্যৱধান নামানি প্ৰতিবাদ কৰিলে কোৱাৰেন্টাইন শিবিৰত থকাৰ ম্যাদ বাঢ়িব বুলি জনালে মন্ত্ৰী গৰাকীয়ে ৷
ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে জনাই যে, বাধ্যত পৰিলে চৰকাৰী শিক্ষানুষ্ঠান সমুহৰ হোষ্টেলসমূহ কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে লব লগীয়া হ'ব ৷ ইয়াৰ বাবে কোনেও যাতে বেয়া নাপাই তাৰ বাবে সকলোকে আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই জটিল সময়ত সকলোৰে সহযোগ বিচাৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ নিকাচিত এখন ভঙা দলঙে জীয়াতু ভুগাইছে ৰাইজক