ETV Bharat / state

চৈৰতান্ত্ৰিক শাসনৰ অভিযোগেৰে হিমন্তৰ দূৰ্গ কপালে ৰূপজ্যোতি কুৰ্মীয়ে

আজি প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মা গৃহ সমষ্টি জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰ চলালে ৰূপজ্যোতি কুৰ্মীয়ে ৷ তেওঁ কয়, অসমত বিজেপিৰ চৈৰতান্ত্ৰিক শাসন চলিছে ৷ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ মাতৃ সকলক সন্তান জন্ম দিয়া যন্ত্ৰ বুলি কৈ অপমান কৰিছে ৷

author img

By

Published : Apr 2, 2021, 9:34 PM IST

চৈৰতান্ত্ৰিক শাসনৰ অভিযোগেৰে হিমন্তৰ দূৰ্গ কপালে ৰূপজ্যোতি কুৰ্মীয়ে
চৈৰতান্ত্ৰিক শাসনৰ অভিযোগেৰে হিমন্তৰ দূৰ্গ কপালে ৰূপজ্যোতি কুৰ্মীয়ে

জালুকবাৰী, 2 এপ্ৰিল : "অসমত বিজেপিৰ চৈৰতান্ত্ৰিক শাসন চলিছে ৷ জন বিৰোধী আইন জৰিয়তে নাগপুৰীয়া স্বাৰ্থ পূৰণ কৰিবলৈ উঠি পৰি লাগিছে বিজেপি ৷" মন্তব্যৰে আজি প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মা গৃহ সমষ্টি জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰ চলালে ৰূপজ্যোতি কুৰ্মীয়ে ৷

সমষ্টিটো কংগ্ৰেছ তথা মহাডোঁটৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰ হৈ প্ৰচাৰ চলায় কুৰ্মীয়ে ৷ এই উপলক্ষে কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰৰ সমৰ্থনত জালুকবাৰীত এক বিশাল বাইক ৰেলী উলিওৱা হয় ৷ এই প্ৰচাৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

"অসমত বাস কৰা খিলঞ্জীয়া লোক সকলেই আজি এডোখৰ মাটিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ কিন্তু বিজেপিৰ এই কোনো কানহাৰ নাই ৷ ইয়াৰ বিপৰীতে কা' জৰিয়তে নাগপুৰীয়া স্বাৰ্থ পূৰণ উঠিপৰি লাগিছে ৷ বৃহৎ পুঁজিপতি হাতত লাহে লাহে অসমক গতাই দিবলৈ তৎপৰ হৈছে বিজেপি ৷" ৰূপজ্যোতি কুৰ্মীয়ে কয় ৷

পীযুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ মন্ত্ৰী সভাৰ এজন মন্ত্ৰী হিচাপে গণন্তৰ চতুৰ্থ স্তম্ভত আঘাট হানিবলৈ চেষ্টা কৰাতো এটা ডাঙৰ অপৰাধ ৷ পীযুষ হাজৰিকাই ৰাইজৰ বাক স্বাধীনতা খৰ্ব কৰিছে বুলি মন্তব্য কৰে কৰ্মীয়ে ৷ তদুপৰি আইমী বৰুৱাক বৌ সম্বোধন কৰি কাট বিৰোধীতা কৰাৰ বাবে কৰ্মীজ্যোতি কুৰ্মীক আমেৰিকালৈ খেদি পঠাবলৈ ধেমেলীয়া সুৰেৰে কুৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ইফালে হিমন্ত বিশ্ব শৰ্মাকো কঠুৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ মাতৃ সকলক সন্তান জন্ম দিয়া যন্ত্ৰ বুলি কৈ অপমান কৰিছে ৷ এই অপমানৰ পৰিনাম এদিন ভুগিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে, জালুকবাৰী সমষ্টি কংগ্ৰেছে উলিওৱা এই বাইক ৰেলীত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: উৰিষ্যা কংগ্ৰেছৰ উপাধ্যক্ষ প্ৰদীপ মাঝিৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.