ETV Bharat / state

স্বাভিমানী অসমীয়াই আজমলক কেতিয়াও গ্ৰহণ নকৰে ! - Rupam Goswami comment againts ajmal

বদৰুদ্দিন আজমলে শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱক চাহাব বুলি আখ্যা দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিজেপিয়ে । বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয়, গুৰুজনাৰ প্ৰতি এইয়া চৰম অপমান, কোনো স্বাভিমানী অসমীয়াই এই অপমান সহ্য নকৰে ৷

rupam-goswami-comment-againts-ajmal
স্বাভিমানী অসমীয়াই আজমলক কেতিয়াও গ্ৰহণ নকৰে !
author img

By

Published : Feb 9, 2021, 9:33 PM IST

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱক চাহাব বুলি আখ্যা দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিজেপিয়ে । অসম প্ৰদেশ বিজেপিৰ গণেশগুৰি স্থিত নিৰ্বাচনী কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে এই বিষয়ত তীব্ৰ সমালোচনা কৰে এ আই ইউ ডি এফৰ প্ৰধান গৰাকীক ৷

ৰূপম গোস্বামীয়ে কয়, গুৰুজনাৰ প্ৰতি এইয়া চৰম অপমান, কোনো স্বাভিমানী অসমীয়াই এই অপমান সহ্য নকৰে, তেখেতে গুৰুজনাক কৰা অপমানৰ ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে ৰূপম গোস্বামীয়ে ৷

'সচেতন অসমীয়া ৰাইজে সকলো প্ৰত্যক্ষ কৰি আছে, নিজকে আঞ্চলিকতাবাদী বুলি পৰিচয় দিয়া সকলেও এই সময়ত নিমাতী কইনাৰ ভূমিকা পালন কৰি আছে । জাতিটোৰ প্ৰতি এনে আক্ৰমণৰ সময়ত তেওঁলোকৰ বক্তব্য আগবঢ়োৱাটো প্ৰয়োজনীয় বুলি অসমীয়া ৰাইজে ভাবে।' ৰূপম গোস্বামীয়ে কয় ৷

উল্লেখ্য যে, মঙলবাৰৰ সংবাদমেলত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ প্ৰমোদ স্বামীৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্পাদিকা হিমাশ্ৰী দেৱী ৷

লগতে পঢ়ক: কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.