ETV Bharat / state

আজি শিল্পী দিৱস - চিত্ৰবন ষ্টুডিঅ'

সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে ৰূপৰ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক ৷ অসমীয়া কলা-সংস্কৃতি, ভাষা-সাহিত্য আৰু দেশৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

আজি শিল্পী দিৱস
আজি শিল্পী দিৱস
author img

By

Published : Jan 17, 2021, 1:03 PM IST

নিউজ ডেস্ক,17 জানুৱাৰীঃ আজি শিল্পী দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে ৰূপৰকোঁৱৰ, অসমীয়া বোলছবিৰ নিৰ্মাতা, গীতিকাৰ, নাট্যকাৰ , লেখক জ্যোতি প্ৰসাদ আগৰৱালক ৷ 1903 চনৰ 17 জুনত ডিব্ৰুগডৰ তামোলবাৰীত জন্ম গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

আজি শিল্পী দিৱস
আজি শিল্পী দিৱস

উল্লেখযোগ্য যে, ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই । লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰিছিল । ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল আগৰৱালই । তাৰপিছতে ১৯৪১ চনৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালাই স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল ।

আজি শিল্পী দিৱস
আজি শিল্পী দিৱস

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক কেইখন হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কইনা আৰু খনিকৰ ৷ একেদৰে জ্যোতি প্ৰসাদ আগৰৱালাই 300 তকৈও অধিক গীত ৰচনা কৰি নিজে সুৰ দিছিল আৰু সেই সমূহকে জ্যোতি সংগীত বুলি কোৱা হয় ৷

এই গৰাকী মহান মনিষি জ্যোতি প্ৰসাদ আগৰৱালৰ 1951 চনৰ 17 জানুৱাৰীত দেহাৱসান হৈছিল আৰু তেখেতৰ মৃত্যু তিথি 17 জানুৱাৰী দিনটোকে প্ৰতিবছৰে শিল্পী দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়কঃঅসম চৰকাৰৰ সৌজন্যত মাজুলীত মাৰাথান দৌৰ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.