ETV Bharat / state

নিৰ্বাচনী বিধি বলবৎ হোৱাৰে পৰা ৰাজ্যত জব্দ ১১০.৮৩ কোটি টক‍াৰ সামগ্ৰী

author img

By

Published : Mar 31, 2021, 9:09 PM IST

ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাৰে পৰা ৰাজ্যজুৰি চলোৱা অভিযানত নগদ ধনৰ লগতে অবৈধ সুৰাকে ধৰি আন আন নিচাজাতীয় দ্ৰব্যসহ জব্দ কৰা সামগ্ৰীৰ মূল্য হৈছে মুঠ ১১০.৮৩ কোটি টকা । ইয়াৰ ভিতৰত জব্দ কৰা অবৈধ সুৰাৰ মূল্য হৈছে ৩৩.৪৪ কোটি টকা আৰু ড্ৰাগছকে ধৰি আন নিচাজাতীয় দ্ৰব্যৰ মূল্য হৈছে ৩৪.৩০ কোটি টকা । ৰাজ্যজুৰি জব্দ কৰা হৈছে নগদ ২৪.৫০ কোটি টক‍া ।

নিৰ্বাচনী বিধি বলবৎ হোৱাৰে পৰা জব্দ কৰা হৈছে ১১০.৮৩ কোটি টক‍াৰ সামগ্ৰী

গুৱাহাটী, ৩১ মাৰ্চ: ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাৰে পৰা ৩০ মাৰ্চ অৰ্থাৎ মঙলবাৰলৈ ৰাজ্যজুৰি কিমান অবৈধ ধনৰ লগতে সুৰাৰ জব্দ কৰা হৈছে সেই সন্দৰ্ভত বুধবাৰে দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰে পৰা আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগকে ধৰি বিভিন্ন বিভাগে ৰাজ্যজুৰি চলোৱা অভিযানত নগদ ধনৰ লগতে অবৈধ সুৰাকে ধৰি আন আন নিচাজাতীয় দ্ৰব্যসহ জব্দ কৰা বিভিন্ন সামগ্ৰীৰ মূল্য উল্লেখ কৰে ৷ বিষয়া গৰাকীয়ে উল্লেখ কৰা তথ্য মতে জব্দকৃত সামগ্ৰীৰ মূল্য হৈছে মুঠ ১১০.৮৩ কোটি টকা ৷

উল্লেখ্য যে, জব্দকৃত সামগ্ৰীৰ ভিতৰত অবৈধ সুৰাৰ মূল্য হৈছে ৩৩.৪৪ কোটি টকা আৰু ড্ৰাগছকে ধৰি আন নিচাজাতীয় দ্ৰব্যৰ মূল্য হৈছে ৩৪.৩০ কোটি টকা । এই সময়চোৱাত জব্দ কৰা মূল্যবান ধাতুৰ মূল্য হৈছে ৩.৬৮ কোটি টকা । তদুপৰি জব্দ কৰা বিদেশী চিগাৰেট, পান-মচলা, জৰ্দা আদি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ মূল্য হৈছে ১৪.৯১ কোটি টকা ।

ইফালে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু থকাৰ কথা উল্লেখ কৰি খাড়েই কয়, 1 এপ্ৰিলত ৰাজ্যৰ ১৪খন জিলাৰ ৩৯ টা সমষ্টি অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰ ভিতৰত ৩১৯ জন পুৰুষ আৰু ২৬ গৰাকী মহিলা প্ৰাৰ্থী ।

আনহাতে, মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭৩,৪৪,৬৩১ গৰাকী । ইয়াৰ ভিতৰত ৩৭,৩৪,৫৩৭ জন পুৰুষ, ৩৬,০৯,৯৫৯ গৰাকী মহিলা আৰু ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । সেইদৰে মুঠ ১০,৫৯২ টা ভোটকেন্দ্ৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব । ইয়াৰ ভিতৰত অতিৰিক্ত ভাৱে আছে ১৫৯৪ টা ভোটকেন্দ্ৰ থকাৰ লগতে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ৫৫৬ টা ভোটকেন্দ্ৰ । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিয়োজিত হৈছে ৪২,৩৬৮ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰাপত্তাৰক্ষীৰ ৩১০ টা কোম্পানী নিয়োজিত কৰা হৈছে ।

একেদৰে বিজেপিৰ বিতৰ্কিত বিজ্ঞাপন প্ৰসংগত বিষয়া গৰাকীয়ে কয়, এই ক্ষেত্রত নিৰ্বাচন আয়োগে পৰীক্ষা চলাই আছে আৰু আয়োগেই সিদ্ধান্ত দিব।'

সংবাদমেলত অসম আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেদিয়াই কয়, ডিচেম্বৰৰ পৰাই অসম আৰক্ষীয়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পদক্ষেপ গ্ৰহণ কৰি আহিছে । নিৰ্বাচনৰ দিন ঘোষণাৰ পৰা এতিয়ালৈকে অনুজ্ঞাপত্র থকা ৫৪১০ টা মাৰণাস্ত্র আৰক্ষীৰ জিম্মাত লোৱা হৈছে । আনহাতে, জব্দ কৰা হৈছে ৫০ টা অবৈধ মাৰণাস্ত্রৰ লগতে ৮৭৭ টা বিস্ফোৰক সামগ্ৰী । ডিচেম্বৰৰ পৰা মুঠ ১২৭ টা মাৰণাস্ত্র জব্দ কৰা হৈছে। নিৰ্বাচনৰ বাবে অসম আৰক্ষীৰ ৯০ টা কোম্পানী মোতায়েন কৰা হৈছে ।

বিভাগীয় তথ্য মতে ৩০ মাৰ্চলৈ ব্যয় বিধি উলংঘন সম্পৰ্কীয় ৫০ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে আৱকাৰী আইন ভংগৰ ৫,২৩৪ টা গোচৰ ৰুজু হৈছে । আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়-ভাবুকি প্ৰদানৰ ৬০৮১ টা ঘটনা সংঘটিত হৈছে । সেইদৰে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ২৬৯৬ টা অভিযোগ বিভাগীয় কৰ্তৃপক্ষই লাভ কৰিছে ।

লগতে পঢ়ক: কামাখ্যাত পূজা-অৰ্চনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.