নিউজ ডেস্ক, 28 জুলাই: ৰহিংগীয়া অনুপ্ৰৱেশকাৰীক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শুকুৰবাৰে বঙাইগাঁৱত অনুষ্ঠিত হোৱা চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনত অংশ লৈ ৰহিংগীয়া অনুপ্ৰৱেশকাৰী ( Rohingya infiltrators) সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে ত্ৰিপুৰাৰ কিছু দালালৰ সহায়ত দিল্লী বা কাশ্মীৰলৈ যাবলৈ বাংলাদেশৰ ৰহিংগীয়া অনুপ্ৰৱেশকাৰীসকলে অসমক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা কেইবা বছৰত বাংলাদেশৰ পৰা অসমলৈ অনুপ্ৰৱেশ প্ৰায় শূন্য আছিল, কিন্তু কৰিমগঞ্জ জিলাৰ ইন্দো-বাংলা সীমান্তত শেহতীয়াকৈ কিছু কাৰ্যকলাপ লক্ষ্য কৰা হৈছে ৷ ‘‘অসমক এতিয়া ৰহিংগীয়া অনুপ্ৰৱেশকাৰীয়ে দিল্লী বা কাশ্মীৰলৈ যাবলৈ কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে ৷ অনুসন্ধানত প্ৰকাশ পাইছে যে ত্ৰিপুৰাৰ কিছুমান দালালে এই অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰে ৷’’ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷
আৰক্ষী সঞ্চালক প্ৰধানে ইতিমধ্যে ইয়াক প্ৰতিৰোধ কৰিবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছে আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক অনুপ্ৰৱেশ বন্ধ কৰিবলৈ সতৰ্কতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘বৰাক উপত্যকাৰ তিনিখন জিলাৰ (কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি) কৰ্তৃপক্ষ সক্ৰিয় হৈ থাকিব লাগে আৰু আমি কেৱল চিনাক্ত অনুপ্ৰৱেশকাৰীসকলক বিতাড়িত কৰি নিজকে সীমাবদ্ধ ৰাখিব নালাগে ৷ ত্ৰিপুৰালৈও যাব লাগে আৰু দালালক গ্ৰেপ্তাৰ কৰিব লাগে ৷ এই চিণ্ডিকেটৰ মেৰুদণ্ড ভাঙি পেলাব লাগে ৷’’
ৰহিংগীয়া অনুপ্ৰৱেশকাৰী, চোৰাং ব্যৱসায়ী আৰু বিদ্ৰোহী গোটসমূহে অসমক যাতে আন ৰাজ্যলৈ যাতায়তৰ বাবে কৰিডৰ হিচাবে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰয়োজনীয় প্ৰদক্ষেপ গ্ৰহণ কৰিবৰ বাবেও আৰক্ষী অধীক্ষকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
তেওঁ আৰু কয়, ‘‘অনুপ্ৰৱেশকাৰীসকলে বেছিভাগ ৰে’ল পথ ব্যৱহাৰ কৰে আৰু ৰে’ল আৰক্ষীয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ৷ বৰাক উপত্যকাৰ পৰা অসমৰ পশ্চিম সীমান্তলৈকে সকলো ৰে’ল ষ্টেচনত চোৰাংচোৱা বৃদ্ধি কৰিব লাগে যাতে ৰহিংগীয়াসকলক বাধা দিব পৰা যায় আৰু তেওঁলোকৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা লোৱা হয় ৷’’
অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি উল্লেখ কৰি প্ৰয়োজন হ’লে ৰে’লৱে আৰু বাছ আস্থানসমূহত নিৰীক্ষণ বৃদ্ধি কৰাৰো পোষকতা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক: Bongaigaon SP Conference: বঙাইগাঁৱত আৰক্ষী অধীক্ষৰ সন্মিলনত মুখ্যমন্ত্ৰীৰ আৰক্ষীলৈ উপদেশবাণী