ETV Bharat / state

পাণ্ডুত চোৰৰ লুটপাতঃ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচি টিভি কেমেৰাত - এপাৰ্টমেণ্টটোত সংস্থাপিত চিচি টিভি কেমেৰা

আলমিৰাৰ তলা ভাঙি নগদ ৫ লাখ টকা আৰু দহ তোলা সোণ লৈ পলায়ন কৰে তিনি চোৰে। এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল এপাৰ্টমেণ্টটোত সংস্থাপিত চিচি টিভি কেমেৰাত ৷

robbery case at pandu
পাণ্ডুত চোৰৰ লুটপাতঃ ব্যৰ্থ জালুকবাৰী আৰক্ষী
author img

By

Published : Oct 11, 2020, 7:57 AM IST

গুৱাহাটী,11অক্টোবৰঃ শনিবাৰে মহানগৰী পাণ্ডুত পুনৰ এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। পাণ্ডু প’র্টৰ গকুল ধামৰ সুবাস দাস গুপ্তা নামৰ ব্যক্তিজনৰ ঘৰত চোৰে চলাই লুটপাত। ঘৰত কোনো নথকাৰ সুযোগ লৈ তিনিটাকৈ চোৰে অতি কৌশলৰে ঘৰটোত প্ৰৱেশ কৰি চলালে চাফাই অভিযান। প্ৰথমে আলমিৰাৰ তলা ভাঙি নগদ ৫ লাখ টকা আৰু দহ তোলা সোণ লৈ পলায়ন কৰে তিনি চোৰে। এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল এপাৰ্টমেণ্টটোত সংস্থাপিত চিচি টিভি কেমেৰাত।

পাণ্ডুত চোৰৰ লুটপাতঃ ব্যৰ্থ জালুকবাৰী আৰক্ষী

ইফালে পৰিয়াল লোক ঘৰলৈ আহি চোৰে লণ্ড ভণ্ড কৰি থৈ যোৱা পৰিৱেশত ঘৰটো প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালে। উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। লগতে চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি চোৰৰ সন্ধানত নামি পৰিছে আৰক্ষী। উল্লেখযোগ্য যে শেহতীয়াকৈ পাণ্ডুকে ধৰি সমগ্ৰ মালিগাঁৱ অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে অপৰাধজনীত ঘটনা। সঘনাই হৈ থকা এনে ঘটনাই জালুকবাৰী আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰকৃত ছবিখন উদঙাই দিছে ।

লগতে পঢ়কঃ আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.