ETV Bharat / state

গুৱাহাটীৰ বাণিজ্য মেলাত পিষ্টলধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ, লুটি নিলে লক্ষাধিক টকা

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:17 PM IST

গুৱাহাটীৰ চান্দমাৰী খেলপথাৰত চলি থকা বাণিজ্য মেলাত ডকাইতিৰ ঘটনা ৷ চোকা অস্ত্ৰ আৰু পিষ্টল লৈ দুৰ্বৃত্তৰ দলে সংঘটিত কৰে এই ডকাইতিকাণ্ড ৷

Robbery at Chandmari Trade Fair in Guwahati
চান্দমাৰী বাণিজ্য মেলাত অঘটন
বাণিজ্য মেলাত ডকাইতিৰ ঘটনা

গুৱাহাটী, 9 ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ স্মার্ট আৰক্ষীৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ বিভিন্ন প্ৰান্তত সংঘটিত হ’বলৈ ধৰিছে চুৰি, ডকাইতিৰ দৰে বিভিন্ন অপৰাধমূলক ঘটনা ৷ এইবাৰ মহানগৰীৰ চান্দমাৰী খেলপথাৰত চলি থকা বাণিজ্য মেলাত সংঘটিত হল ডকাইতিৰ ঘটনা ৷

জানিব পৰা মতে শুকুৰবাৰে নিশা প্ৰায় 11.30 মান বজাত কেইবাখনো বিলাসী বাহন আৰু বাইকত আহি হাতে-হাতে চোকা অস্ত্ৰ আৰু পিষ্টল লৈ কেইবাজনীয়া দুৰ্বৃত্তৰ দলে সংঘটিত কৰে এই ডকাইতিকাণ্ড ৷ দুৰ্বৃত্তৰ দলটোৱে বাণিজ্য মেলাৰ অস্থায়ী কার্যালয়ত প্ৰৱেশ কৰি তলা ভাঙি লুটি লৈ যায় প্ৰায় লক্ষাধিক টকা ৷ তদুপৰি দুৰ্বৃত্তৰ দলটোৱে বাণিজ্য মেলাত থকা খাদ্য সামগ্ৰীৰ দোকান লণ্ড-ভণ্ড কৰি লুটি লৈ যায় খাদ্য সামগ্ৰী তথা বাচন-বর্তন ৷

ইফালে দুৰ্বৃত্তৰ দলটোৱে বাণিজ্য মেলাত প্ৰবেশ কৰাৰ সকলো দৃশ্য চি চি টিভিত বন্দী হয় ৷ নিশা দুৰ্বৃত্তৰ দলটোৱে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে বাণিজ্য মেলা কৰ্তৃপক্ষই চান্দমাৰী আৰক্ষী থানাত খবৰ দিয়ে ৷ ঘটনাস্থলীত চান্দমাৰী থানাৰ আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ লোক উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ ঘটনা সন্দৰ্ভত বাণিজ্য মেলা কৰ্তৃপক্ষই ইতিমধ্যে চান্দমাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে ইনষ্টিটিউট অফ চাইল্ড হেলথ এণ্ড মাদাৰ ৱেলফেয়াৰৰ উদ্যোগত চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক খেল পথাৰত 26 নৱেম্বৰৰ পৰা 13 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে গ্ল’বেল এন্টাৰপ্ৰিনিয়াৰ মিট এণ্ড এক্সপ’ 2023 ৷ এই বাণিজ্য মেলাত ভাগ লোৱা খাদ্য বিপণি এখনত এটা বেগ চুৰি হৈছিল ৷ বিপণিৰ গৰাকীয়ে চুৰিকাণ্ড সন্দৰ্ভত বাণিজ্য মেলা কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত ইয়াকে লৈ দুই পক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল ৷ বাণিজ্য মেলা কৰ্তৃপক্ষই অভিযোগ কৰা মতে বিপণিখনৰ গৰাকীয়ে এই দুৰ্বৃত্তৰ দলটোক মাতি আনিছিল ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চি চি টিভিৰ দৃশ্য চাই আৰু গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : ডাঙৰ ডাঙৰ কথা কোৱা ভূপেন বৰা নিমাত কিয়: সাংসদ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.