ETV Bharat / state

অপৰাধ নিৰ্মূল কৰিবলৈ অসমে উত্তৰ প্ৰদেশৰ আৰ্হিকে কৰিছে নেকি অনুকৰণ ?

author img

By

Published : Sep 13, 2021, 9:23 PM IST

ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নামত চলা এনকাউন্টাৰ অভিযানে সচেতন মহলত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰশ্ন উঠিছে, হিমন্ত বিশ্ব শৰ্মাৰ চাৰিমহীয়া শাসনত অসমত বাস্তৱায়িত হৈছে নেকি উত্তৰ প্ৰদেশ মডেল ! এই সন্দৰ্ভত ব্যুৰ' চীফ নয়নজ্যোতি ভূঞাৰ বিশেষ প্ৰতিবেদন ৷

Is Assam follwing UP model to tackle crime?
অপৰাধ নিৰ্মূল কৰিবলৈ অসমে উত্তৰ প্ৰদেশৰ আৰ্হিকে কৰিছে নেকি অনুকৰণ ?

শাসনলৈ আহিয়েই উত্তৰ প্ৰদেশৰ ৰাজনীতিত এলানি এনকাউন্টাৰেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল‌ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে । স্বাভাৱিকতে মুখ্যমন্ত্ৰী যোগীৰ এই অভিযানে সামৰি‌ লৈছিল বছৰৰ পিছত বছৰ ধৰি ৰাজ্যখনত সন্ত্ৰাসৰ সৃষ্টি কৰা কেতবোৰ অপৰাধ চক্ৰক । পিছলৈ এই অভিযানে বিতৰ্কৰ সূত্ৰপাতো কৰিছিল ।

যোৱা মে' মাহত ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে অসমত আৰম্ভ হয় ড্ৰাগছ আৰু গৰুৰ চোৰাং বেহাত জড়িত চক্ৰবোৰৰ বিৰুদ্ধে অভিযান ।‌‌ ড্ৰাগছৰ বিৰুদ্ধে মে' মাহৰ দ্বিতীয় সপ্তাহৰ পৰা প্ৰথমে নগাঁও আৰু গুৱাহাটীত আৰম্ভ হোৱা অভিযানৰ সমান্তৰালকৈ গৰুৰ চোৰাং ব্যৱসায়ত জড়িত একাংশ অপৰাধ চক্ৰৰ বিৰুদ্ধে মূলত ধুবুৰী বৰপেটা আৰু বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত নিশাৰ ভিতৰতে আৰক্ষীৰ অভিযান চলিল ।

এই দুই অপৰাধত জড়িত সকলৰ বিপৰীতে আৰক্ষীৰ অভিযান এনেদৰে চলিল যেন আৰক্ষীৰ হাতত পূৰ্বৰ চৰকাৰৰ আমোলৰ পৰাই সকলো তথ্য মজুত আছিল । কিন্তু কিবা কাৰণত অভিযানবোৰ সম্ভৱ হৈ উঠা নাছিল । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত স্পষ্ট কৰি দিয়ে যে, যি অভিযুক্তই আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে তেওঁৰ ভৰিত গুলীয়াবলৈ কৰ্তব্যৰত আৰক্ষীক নিৰ্দেশ দিয়া থাকিব । তেওঁ ৰাজহুৱা বাবে ইয়াক এক 'পেটাৰ্ন' বুলি অভিহিত কৰে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পৰা এই সেউজ সংকেত পোৱাৰ পিছৰে পৰা যোৱা চাৰিটা মাহত আৰক্ষীৰ গুলীত কেইবাজনো অভিযুক্ত আৰক্ষীৰ গুলীত নিহত হোৱাৰ উপৰি ভালে সংখ্যক অভিযুক্তক 'পলাব ধৰোতে' ভৰিত গুলীয়াই আহত কৰা হৈছে । তথ্য অনুসৰি নতুন চৰকাৰৰ শাসনৰ যোৱা চাৰিটা মাহত ৰাজ্যৰ আৰক্ষীয়ে ৬২ টা এনে ঘটনা সংঘটিত কৰিছে য'ত কেইবাজনো অভিযুক্ত নিহত হৈছে আৰু গৰিষ্ঠ সংখ্যক অভিযুক্ত ভৰিত গুলি লাগি আহত হৈছে । শেহতীয়াকৈ যোৱা ১২ ছেপ্টেম্বৰত বিলাসীপাৰাত ছাইদাৰ আলী নামৰ এজন ডকাইতিত অভিযুক্তক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে ।

ইয়াৰ আগতে এনেকুৱা অভিযানত কাৰ্বি আংলং জিলাত সিং সিদ্ধু নামৰ এজন আৰক্ষীৰে জোৱানৰ মৃত্যু হৈছিল । তাৰ ঠিক আগতে নতুন চৰকাৰ গঠন হোৱাৰ কেইদিনমানৰ পাছতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মনছুৰ আলী নামৰ এজন লোকক আৰক্ষীয়ে ভৰিত গুলীয়াইছিল । তাৰ পাছতে অতি লক্ষণীয়ভাৱে ধাৰাবাহিকভাৱে অব্যাহত আছে আৰক্ষীৰ এই পেটাৰ্ন ভিত্তিক অভিযান ।

মনকৰিবলগীয়া যে, আগষ্ট পৰ্যন্ত এনে অভিযান সমূহত নিহত বা আহত সকলৰ নব্বৈ শতাংশই আছিল এটা বিশেষ ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ । এই কথাটো স্বাভাৱিকতে দৃষ্টিগোচৰ হৈ পৰাত বিষয়টোক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা হৈছে । কিন্তু তাৰ মাজতে লখিমপুৰৰ এগৰাকী যুৱতীৰ হত্যাত অভিযুক্ত আৰু মহানগৰীত ড্ৰাগছ যোগানৰ লগত জড়িত বিশাল চৌধুৰী নামৰ যুৱকৰ ভৰিতো আৰক্ষীয়ে গুলীওৱাৰ ঘটনাই বিষয়টোক আন মাত্ৰা দিয়া পৰিলক্ষিত হয় ।

অতি লক্ষণীয়ভাৱে বিশাল চৌধুৰীৰ পিতৃয়ে আৰক্ষীৰ এনে সন্দেহজনক 'এনকাউন্টাৰ'ক প্ৰত্যাহ্বান জনাই আৰক্ষীৰ বিৰুদ্ধেই এজাহাৰ দাখিল কৰিছে । পুত্ৰ বিশাল চৌধুৰী ড্ৰাগছ চক্ৰৰ লগত জড়িত থকাৰ অপৰাধত যি শাস্তিৰ যোগ্য সেই শাস্তিকে দিব লাগে বুলি কৰিলে উল্লেখ ৷ লগতে আৰক্ষীক প্ৰভাৱিত কৰিব পৰা‌ কোনো কাম পিতৃ হিচাপে নকৰে বুলি সংবাদ মাধ্যমৰ আগত বাৰে বাৰে ক'বলৈ কুন্ঠাবোধ নকৰা অভিযুক্তৰ পিতৃয়ে এতিয়া আৰক্ষীৰ বিৰুদ্ধেই সৰৱ হোৱা কাৰ্যই বিষয়টো ৰহস্য ঘন কৰি তুলিছে ।

অসম আৰক্ষীৰ এক শীৰ্ষ সূত্ৰৰ মতে, যোৱা চাৰিটা মাহত অভিলেখ সংখ্যক এনকাউন্টাৰৰ ঘটনা ঘটিল যদিও এই ঘটনাই অপৰাধ জগতক কোনো ধৰণে প্ৰভাৱিত কৰিব পৰা‌ নাই । বিশেষকৈ ড্ৰাগছৰ সৰাবৰাহ এতিয়াও চলিয়েই আছে । যদি সেয়াই হয় তেতিয়া অসমত উত্তৰ প্ৰদেশৰ মডেল যে বিশেষ কাম কৰা নাই সেয়া অতি সোনকালেই অধিক স্পষ্ট হৈ পৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.