গুৱাহাটী 29 মাৰ্চ:কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ইতিমধ্যেই চৰকাৰক সাহায্য প্ৰদান কৰিছে বিভিন্নজনে। এইবাৰ অসম চৰকাৰক সাহায্য আগবঢ়ালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ ৰিপুণ বৰা আৰু তেওঁৰ পত্নীয়ে।
ৰিপুণ বৰাই তেওঁৰ এমাহৰ দৰমহা ১লাখ টকা আৰু পত্নীৰ এমাহৰ পেঞ্চন ৪০ হাজাৰ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায়। অসম ভৱনত ৰিপুণ বৰাই আগবঢ়ায় চেক ৷ লগতে সাংসদ পুঁজিৰ পৰা এক কোটি টকা প্ৰদান কৰে চিকিৎসালয় উন্নয়নৰ কাৰণে ৷
লগতে পঢক : ল’ক ডাউনৰ সুযোগ লৈ তিতাবতৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা