ETV Bharat / state

কৃষি বিধেয়ক সন্দৰ্ভত ইটিভি ভাৰতক কি ক’লে সাংসদ ৰিপুন বৰাই

author img

By

Published : Sep 21, 2020, 9:14 PM IST

Updated : Sep 21, 2020, 10:09 PM IST

ৰিপুন বৰাকে ধৰি আন 7 গৰাকী সাংসদে সদনৰ পৰা তেঁওলোকক বহিষ্কাৰ কৰাৰ বিৰুদ্ধে ৰাজ্যসভাৰ গান্ধী প্ৰতিমূৰ্তিৰ আগত অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ দেওবাৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে 8 গৰাকী সাংসদক তেঁওলোকৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে ৷ সদনৰ মজিয়াত কৃষক বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদতে বিৰোধী দলৰ সাংসদ কেইগৰাকীয়ে গৈ বিধেয়কখন ফালি পেলাইছিল ৷

Ripun Borah interview with Etv bharat
কৃষি বিধেয় সন্দৰ্ভত ইটিভি ভাৰতক কি ক’লে সাংসদ ৰিপুন বৰাই?

নেশ্যনেল ডেক্স, 21 ছেপ্তেম্বৰঃ কেৱল বনিক গোষ্ঠীৰ বাবে কাম কৰা ভাৰতীয় জনতা পাৰ্টীয়ে কৃষক বিধেয়কখন বাতিল নকৰা পৰ্যন্ত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই ৷

ৰিপুন বৰাকে ধৰি আন 7 গৰাকী সাংসদে সদনৰ পৰা তেঁওলোকক বহিষ্কাৰ কৰাৰ বিৰুদ্ধে ৰাজ্যসভাৰ গান্ধী প্ৰতিমূৰ্তিৰ আগত অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ দেওবাৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে 8 গৰাকী সাংসদক তেঁওলোকৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰিছিল ৷ সদনৰ মজিয়াত কৃষক বিধেয়ক গৃহিত হোৱাৰ প্ৰতিবাদতে বিৰোধী দলৰ সাংসদ কেইগৰাকীয়ে গৈ বিধেয়খন ফালি পেলাইছিল ৷

তেঁওলোকৰ প্ৰতিবাদক সমৰ্থন জনাই ৰিপুন বৰাই কয় যে, যেতিয়া বিজেপি দল বিৰোধী হিচাপে আছিল তেতিয়া তেঁওলোকে সংসদৰ কাৰ্যক্ৰমনিকাত এমাহ পৰ্যন্ত বাধা আৰোপ কৰিছিল ৷ বৰাই কয় যে, কৃষক বিধেয়কখন সম্পূৰ্ণৰূপে কৃষক বিৰোধী ৷ আমি এই ক্ষেত্ৰত ভোটৰ বাবে আবেদন জনাইছিলো কিন্তু চৰকাৰে আমাৰ অনুৰোধ উপেক্ষা কৰি যিকোনো প্ৰকাৰে বিধেয়খন গৃহীত কৰিলে ৷

ৰিপুন বৰাৰ সৈতে সদনৰ পৰা বহিষ্কাৰ কৰা অন্য সাংসদ কেইগৰাকী হ’ল তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ব্ৰেইন আৰু ডোকা সেন, কংগ্ৰেছৰ ৰাজীৱ সতভ, চৈয়দ নাচিৰ, চিপিএমৰ কেকে ৰাগেশ, এলাৰাম কাৰ্নি আৰু আপৰ সঞ্জয় সিং ৷

দেওবাৰে ৰাজ্যসভাৰ মজিয়াত গৃহীত হোৱা ‘কৃষকৰ উৎপাদন ব্যৱসায় আৰু বাণিজ্য’ বিধেয়কখনৰ লক্ষ্য আছিল মাণ্ডিসমূহৰ একেচেতীয়া অংশৰ অবসান ঘটাই কৃষিখণ্ডক বানিজ্যিক কেন্দ্ৰ কৰি মধ্যভোগীসকলৰ পৰা মুক্ত কৰা আৰু কৃষিকাৰ্যৰ উদাৰীকৰণ কৰা ৷ কিন্তু কংগ্ৰছে দাবী কৰে যে, ইয়াৰ ফলত মাণ্ডি ব্যৱস্থা ভাঙি পেলোৱাৰ ফলত ৰাজ্যসমূহৰ ৰাজহ, তেঁওলোকৰ গ্ৰাম্য় কৃষি উদ্য়োগটোক মাৰাত্মকভাৱে প্ৰভাৱান্বিত কৰিব ৷

লগতে পঢ়ক-দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত তিনিজন

Last Updated : Sep 21, 2020, 10:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.