ETV Bharat / state

বিজেপিৰ দিনত সংঘটিত হৈছে ৬ হাজাৰ কোটিৰ কেলেংকাৰীঃ ৰিপুণ বৰা

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈছিল কংগ্ৰেছ, চিপিআই, চিপিআই (এমএল), এআইইউডিএফ, আঞ্চলিক গণ মৰ্চাৰ যৌথ সংবাদমেল ৷ সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰীকৰণ প্ৰসংগত পশ্চিম বংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটাইকেইটা বিৰোধী দলে ৷

corruption
corruption
author img

By

Published : Oct 21, 2020, 5:05 PM IST

গুৱাহাটী, 20 অক্টোবৰ : বিজেপি চৰকাৰৰ দিনত ৰাজ্যত ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ৷ সংখ্যালঘু ছাত্ৰৰ নামত অহা ধনৰ কেলেংকাৰী, ফচল বিমা যোজনাকে আদি কৰি প্ৰায় প্ৰতিটো বিভাগতে সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈছিল কংগ্ৰেছ, চিপিআই, চিপিআই (এমএল), এআইইউডিএফ, আঞ্চলিক গণ মৰ্চাৰ যৌথ সংবাদমেল ৷ সংবাদমেলত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ অজিত কুমাৰ ভূঞা, চিপিআই(এম)ৰ দেবেন ভট্টাচাৰ্য, চিপিআই(এমএল)ৰ বিবেক দাস, চিপিআইৰ মুনিন মহন্ত এআইইউডিএফৰ আমিনুল ইছলাম ৷ সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰীকৰণ প্ৰসংগত পশ্চিম বংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটাইকেইটা বিৰোধী দলে ৷

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য “বিৰোধীয়ে কা বিৰোধ কৰি যাব, বিজেপি চৰকাৰে কা বাতিল নকৰিলে পৰৱৰ্তী সময়ত কা বাতিলৰ নামত পুনৰ আন্দোলনত নামিব আটাইকেইটা দল ৷ বিজেপি চৰকাৰ ভ্ৰষ্টাচাৰী চৰকাৰ ৷ দুৰ্নীতিৰ বিৰুদ্ধে শ্ল’গান দিয়া চৰকাৰ এতিয়া দুৰ্নীতিতেই লিপ্ত হৈছে ৷ এইখন চৰকাৰ ফাঁকিত চলা চৰকাৰ ৷”

আনহাতে উজনি অসম ভ্ৰমণৰ সময়ত এখন সভাত সাংসদ অজিত কুমাৰ ভূঞাই কৰা মন্তব্যক একাংশ সংবাদ মাধ্যমে বিকৃত ৰূপত বাতৰি আকাৰে প্ৰকাশ কৰি জনসমাজত সাংসদ গৰাকীৰ ভাবমূৰ্তি বিনষ্ট কৰিছে বুলি সৰব হৈ পৰে অজিত ভূঞা ৷ ভূঞাৰ কটাক্ষ “মই পগলা হোৱা নাই ৷ মই আজিও কৈছো আজমল মুখ্যমন্ত্ৰী নহয় আৰু আগলৈকো ক’ম ৷ বিৰোধীৰ হাতত এতিয়া কোনো ইছ্যু নাই ৷ সেইবাবে তেওঁলোকে এতিয়া ইছ্যু বিচাৰি ফুৰিছে ৷’’

সমান্তৰালভাৱে মন্ত্ৰী পীযুষ হাজৰিকাই সাংসদ গৰাকীৰ বিবাহ প্ৰসংগ লৈ সমালোচনা কৰা বিষয় সন্দৰ্ভতো যোগ্য প্ৰত্যুত্তৰ অজিত কুমাৰ ভূঞাৰ ৷ ভূঞাই কয় যে,“ পীযুষ হাজৰিকাই আচলতে মোক সমালোচনা কৰিবলৈ গৈ তেওঁলোকৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীকে কটু সমালোচনা কৰিলে ৷”

উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগতে আঞ্চলিক গণ মৰ্চা, চি পি আই, চি পি আই এম, চি পি আই এম এল আৰু এ আই ইউ ডি এফৰ মিত্ৰজোঁটৰ লগতে বিজেপিক বেয়া পোৱা সকলো ৰাজনৈতিক শক্তিকে মহাজোঁট বন্ধনলৈ আহি এক হৈ যুঁজ দিয়াৰ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থাৰ জেহাদ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.