ETV Bharat / state

Constituency Delimitation Assam : সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া - Controversy over constituency delimitation

সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ । দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অসমৰ ১১ টা ৰাজনৈতিক দলৰ আহ্বান মৰ্মে অনুষ্ঠিত কৰা বৈঠকত অংশগ্ৰহণ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াই ৰিপুন বৰাই(Ripun Bora reacts on Constituency Delimitation) ।

Ripun Bora reacts on Constituency Delimitation
সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Mar 27, 2023, 10:57 PM IST

সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,২৭ মাৰ্চ: "সমষ্টি বৃদ্ধি নকৰাকৈ সমষ্টি পুনঃনিৰ্ধাৰণ কৰাৰ কোনো অৰ্থ নাই ।" সোমবাৰে সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত এই মন্তব্য প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই(Ripun Bora reacts on Constituency Delimitation) । দেশৰ নিৰ্বাচন আয়োগে(Election Commission of India) সোমবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অসমৰ ১১ টা ৰাজনৈতিক দলৰ আহ্বান মৰ্মে অনুষ্ঠিত কৰা বৈঠকত এ‌ আই ইউ ডি এফ দল তথা অসম তৃণমূল কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াই অংশগ্ৰহণ‌ কৰে(Constituency Delimitation Assam) ।

বৈঠকৰ অন্তত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰ‌ আগত কয় যে সমষ্টি বৃদ্ধি কৰিব লাগে, কিন্তু সমষ্টি বৃদ্ধি নকৰাকৈ সমষ্টি পুনঃনিৰ্ধাৰণ কৰিলে একো লাভ নহ'ব । তেওঁ কয় যে যিহেতু ২০২৬ চনত সমগ্ৰ দেশতে সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । তেনেস্থলত অসমত তিনিবছৰৰ বাবে কিয় বাট চাব নোৱাৰে । তেওঁ লগতে কয় যে সমষ্টি পুনঃনিৰ্ধাৰণ কৰাৰ বাবে ইমান খৰখেদা কিয় কৰিব লাগে(Controversy over constituency delimitation) ।

কাৰণ ২০২৬ চনত সমগ্ৰ দেশতে সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পুনৰ অসমতো সমষ্টি পুনঃনিৰ্ধাৰণ কৰিব লাগিব । গতিকে মাত্ৰ তিনিবছৰৰ‌ বাবে ৰাজহুৱা ধন খৰছ কৰি ২০২৪ চনত সমষ্টি পুনঃনিৰ্ধাৰণ কৰাৰ উচিত নহয় বুলি ৰিপুন বৰাই উল্লেখ কৰে । ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এখনি সংবাদমেলৰ জৰিয়তে দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত আহ্বান কৰা অসমৰ ১১ টা ৰাজনৈতিক দলৰ বৈঠকত কংগ্ৰেছ দলে অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰে(Bhupen Bora reacts on ECI meeting) ।

এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে কংগ্ৰেছ দলে আহিব লাগিছিল । কিন্তু নহাৰ‌ বাবে কংগ্ৰেছে আয়োগৰ ওচৰত কথা‌ কোৱাৰ সুযোগ হেৰুৱালে । উল্লেখ্য যে ৰিপুণ বৰাৰ লগত দলৰ ৰাজ্যিক সমিতিৰ গজেন্দ্ৰ প্ৰসাদ উপমন্যু, দিলীপ কুমাৰ শৰ্মা, অৰূপজ্যোতি ভূঞা, ঘনকান্ত চুতীয়া, বন্দীপ দত্তও উপস্থিত থাকে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আয়োজন কৰা উক্ত বৈঠকত ।

লগতে পঢ়ক: ECI team in Guwahati : গুৱাহাটীত 11 টা ৰাজনৈতিক দলৰ সৈতে ECI ৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.